বিশিষ্ট সাংবাদিক, মানৱ অধিকাৰ কৰ্মী প্ৰয়াত খগেন্দ্ৰ নাথ তালুকদাৰৰ ২৪ সংখ্যক স্মৃতি দিৱস পালন
তামুলপুৰ, ১৫ জুন (হি.স.)। বিশিষ্ট সাংবাদিক, মানৱ অধিকাৰ কৰ্মী প্ৰয়াত খগেন্দ্ৰ নাথ তালুকদাৰৰ ২৪ সংখ্যক স্মৃতি দিৱস পালন। এই উপলক্ষে পুৱা খগেন্দ্ৰ নাথ তালুকদাৰৰ স্মৃতি সৌধত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত সাংবাদিক গৰাকীৰ মাতৃ মাকন তালুকদাৰে। ইয়াৰ পিছতে প
বিশিষ্ট সাংবাদিক, মানৱ অধিকাৰ কৰ্মী প্ৰয়াত খগেন্দ্ৰ নাথ তালুকদাৰৰ ২৪ সংখ্যক স্মৃতি দিৱস পালন


তামুলপুৰ, ১৫ জুন (হি.স.)। বিশিষ্ট সাংবাদিক, মানৱ অধিকাৰ কৰ্মী প্ৰয়াত খগেন্দ্ৰ নাথ তালুকদাৰৰ ২৪ সংখ্যক স্মৃতি দিৱস পালন। এই উপলক্ষে পুৱা খগেন্দ্ৰ নাথ তালুকদাৰৰ স্মৃতি সৌধত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত সাংবাদিক গৰাকীৰ মাতৃ মাকন তালুকদাৰে। ইয়াৰ পিছতে প্ৰয়াত সাংবাদিক গৰাকীৰ স্মৃতি সৌধত পুষ্পাঞ্জলি প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে ২০০১ চনত ১৫ জুনত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল এইগৰাকী সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী গৰাকী। মৃত্যুৰ পিছৰ বৰ্ষৰে পৰা খগেন্দ্ৰ নাথ তালুকদাৰ স্মৃতি ন্যাস সমিতিৰ উদ্যোগত প্ৰতি বছৰে মৃত্যু দিৱস উদযাপন কৰি আহিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande