
দৰং, ১৪ জুন (হি.স.): দৰং জিলাৰ খাৰুপেটীয়াৰ নেপালী বজাৰৰ তেল ডিপোত যোৱা কালি শনিবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । গ্ৰাহকক তেল কমকৈ দিয়াকলৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ।
অভিযোগ অনুসৰি- ১৩০০ টকাৰ তেল ধৰা বাইকত ১৫০০ টকাৰ তেল দিয়াক কেন্দ্ৰ কৰি প্ৰথমে আৰম্ভ হয় তৰ্কা-তৰ্কিৰ, তাৰ পিছত ৰাইজে জবাবদিহি কৰাত সৃষ্টি হয় উত্তপ্ত হয় পৰিস্থিতি । পূৰ্বেও একেইখন ১৩০০ টকাৰ তেল ধৰা বাইকত ১৭০০ টকাৰ তেল দি গ্ৰাহকৰ ধন লুটিছিল ডিপো কৰ্তৃপক্ষই । ঘটনাস্থলীত খাৰুপেটীয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে উচিত তদন্ত কৰি ন্যায় প্ৰদানৰ আশ্বাস প্ৰদান কৰে । ঘটনা সন্দৰ্ভত ভুক্তভোগী তোফাজ্জল হকে দাখিল কৰে এজাহাৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ