গোলাঘাট আৰক্ষীৰ তৎপৰতাত চুৰি হোৱা বাইক উদ্ধাৰ
আৰক্ষীক ধন্যবাদ জনালে বাইকৰ গৰাকীয়ে ।
গোলাঘাট আৰক্ষীৰ তৎপৰতাত চুৰি হোৱা বাইক উদ্ধাৰ


গোলাঘাট, ১৪ জুন (হি.স.): গোলাঘাট আৰক্ষীৰ তৎপৰতা আৰু' সফল তদন্তৰ ফলত চুৰি হোৱা এখন বাইক উদ্ধাৰ হোৱাত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে আৰক্ষীক আন্তৰিক ধন্যবাদ জনাইছে বাইকৰ গৰাকী তলৈক্য মহন্তই । জানিব পৰা মতে, গোলাঘাটৰ কমৰ্বন্ধালিৰ নিবাসী তলৈক্য মহন্তে যোৱা ২৯ মে’ তাৰিখে বজাৰ কৰিবলৈ গোলাঘাট নগৰলৈ আহি নিজৰ এএছ ০৫ ডি ৩১৮৩ নম্বৰৰ পালছাৰ বাইকখন গোলাঘাট টেনিছ ক্লাবৰ সমীপত থৈ বজাৰলৈ গৈছিল । কিছু সময় পিছত উভতি আহি তেওঁ বাইকখন থোৱা স্থানত নাপাই হতবাক হৈ পৰে। পিছত ঘটনাটোৰ সন্দৰ্ভত গোলাঘাট সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

এজাহাৰ লাভ কৰাৰ পিছতে গোলাঘাট আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। তদন্তৰ আধাৰত কালি বিয়লি আৰক্ষীয়ে গোলাঘাট জিলাৰ চোমনি গাঁও অঞ্চলৰ পৰা চুৰি হোৱা পালছাৰ বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আৰক্ষীৰ সূত্ৰ মতে, গোলাঘাট জিলাৰ ৰাংঢালী গাঁৱৰ নিবাসী লুথো ৰাজখোৱা নামৰ এজন যুৱকে বাইকখন চুৰি কৰি আনি লোকুৱাই ৰাখিছিল। আৰক্ষীয়ে জনোৱা মতে, লুথো ৰাজখোৱাৰ নাম পূৰ্বেও বিভিন্ন অপৰাধমূলক ঘটনাৰ সৈতে জড়িত থকাৰ তথ্য পোৱা গৈছে।বৰ্ত্তমান লুথো ৰাজখোৱা পলাতক অৱস্থাত আছে ।

গোলাঘাট সদৰ আৰক্ষী থানালৈ অনাৰ পিছত বাইকৰ গৰাকী তলৈক্য মহন্তক খবৰ দিয়া হয় । খবৰ লাভ কৰি থানালৈ উপস্থিত হোৱা মহন্তই নিজৰ বাইকখন পুনৰ লাভ কৰি আনন্দ প্ৰকাশ কৰে। লগতে চুৰি হোৱা বাহন উদ্ধাৰত সফলতা লাভ কৰা গোলাঘাট আৰক্ষীক আন্তৰিক ধন্যবাদ জনোৱাৰ উপৰিও আৰক্ষীৰ এই তৎপৰতা আৰু দায়িত্বশীল ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande