
কামৰূপ, ১৪ জুন (হি.স.)। কামৰূপৰ বংশৰত নিশা সংঘটিত ভয়ানক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী যুৱক।
নিহত যুৱক গৰাকী হৈছে শুৱালকুছিৰ হিমাংশু তালুকদাৰ।
শুৱালকুছি - গুৱাহাটী সংযোগী পথৰ বংশৰ বেলৰতলত সংঘটিত হয় দুৰ্ঘটনাটো।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটি গাই গৰুক খুন্দিয়াই ছিটিকি পৰে যুৱক জন।
যুৱক জনে নিজ বাসগৃহৰ পৰা কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো।
আনহাতে , দুৰ্ঘটনাটোত এটা পশু ধনৰো মৃত্যু ঘটে।
দুৰ্ঘটনা সংঘটিত হোৱা স্কুটি খনৰ নম্বৰ হৈছে এএছ ০১ ইকিউ ৮৭০৮।
যুৱক জন শুৱালকুছি মাই ডক্টৰচ ক্লিনিকত কৰ্মৰত আছিল।
যুৱক জনৰ মৃত্যুত কান্দোনত ভাগি পৰিছে কৰ্মৰত সতীৰ্থ সকল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা