
তামুলপুৰ, ১৪ জুন (হি.স.)। তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ ১ নং ডোঙাৰগাঁৱৰ সোণাপুৰত বন্য হস্তীৰ আক্ৰমণত পুনৰ গুৰুতৰভাৱে আহত এজন ব্যক্তি। নিজ চোতালতে অকলশৰীয়া বন্য হস্তীটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত মুঞ্চি চৰেন নামৰ ব্যক্তিগৰাকী ।
অতি দুৰ্গম অঞ্চলটোৰ পৰা নিশাই লোক জনক স্থানীয় লোকে সংকটজনক অৱস্থাত উদ্বাৰ কৰি প্ৰেৰণ কৰে গুৱাহাটীলৈ। অঞ্চটোত দৈনিক অকলশৰীয়া হাতীটোৰ বিচৰণক লৈ আতংকিত হৈ পৰিছে জনতা। দিনৰ পোহৰতে কেতিয়াবা অঞ্চলটোত শুনা পোৱা যায় হাতীৰ গর্জন।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা