
শ্ৰীভূমি, ১৪ জুন (হি.স.)। শ্ৰীভূমিৰ চাঁন্দসিকোনা চৌকিত অঘটন । কালি সন্ধিয়া নিজৰ বন্দুকেৰে গুলীয়াই আত্মহত্যা এগৰাকী বিএছ এফ জোৱানৰ । জোৱান জনৰ নাম প্ৰেম কুমাৰ , ঘৰ পাঞ্জাবত । কিয় আত্মহননৰ পথ বাছি ল'লে এই বিষয়ে বৰ্তমানলৈ জানিব পৰা হোৱা নাই ।
ইয়াৰ পুৰ্বেও ভাৰত বাংলাদেশ সীমান্তত নিয়োজিত এগৰাকী বিএছ এফ জোৱানে শিবিৰত থকা অৱস্থাত নিজ ৰাইফলেৰে গুলীয়াই আত্মহত্য়া কৰে।ছুটি অনুমোদন নহোৱা বাবে তেওৰ ওপৰৱালা বিষয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল বুলি পিছত সংবাদ মাধ্য়মত প্ৰকাশ পাইছিল।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু