চতিয়াৰ হাজাৰিমলৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন
বিশ্বনাথ, ১৪ জুন (হি.স.)। চতিয়াৰ হাজাৰিমলৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত নিহত হয় এজন লোক। জানিব পৰা অনুসি তীব্ৰবেগী এখন ট্ৰাকে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় গোবীন(৫০) বৰা নামৰ বাইক আৰোহীজন। নিহত
চতিয়াৰ হাজাৰিমলৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন


বিশ্বনাথ, ১৪ জুন (হি.স.)। চতিয়াৰ হাজাৰিমলৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত নিহত হয় এজন লোক। জানিব পৰা অনুসি তীব্ৰবেগী এখন ট্ৰাকে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় গোবীন(৫০) বৰা নামৰ বাইক আৰোহীজন।

নিহত বাইক আৰোহীজন দ্বাদশ অসম আৰক্ষী বাহিনীৰ ৰান্ধনী হিচাপে কৰ্মৰত আছিল। অৰুণাচলৰ পৰা তেজপুৰ অভিমুখে আহি থকা তথা দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হ'ল ডব্লিউ বি ৭৩ এইছ ১৫৮৫ l

দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিবলৈ চেষ্টা কৰা ট্ৰাকখন ইতিমধ্যেই ৰাইজৰ সহযোগত চতিয়া আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

মৃত্যু হোৱা বাইক আৰোহী গোবীন বৰাৰ ঘৰ জামুগুৰিহাটৰ টুপিয়াত বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande