
গোলাঘাট, ১৪ জুন (হি.স.)। সৰুপথাৰৰ টেঙানীত সাঁচি চোৰৰ সন্ত্ৰাস।
টেঙানী বাঘগাঁৱৰ বিনোদ গগৈ নামৰ এজন লোকৰ বাৰীৰ পৰা চুৰি কৰিব বিচাৰিছিল সাঁচিগছ।
বিদুৰভাই কাইদাৰে লাখ টকীয়া সাঁচি গছ কাটি পিছ কৰি থাকোতেই গাঁৱৰ লোকে প্ৰতক্ষ কৰাত পলাই পত্রং দিলে চোৰে।
দুৰ্ভাগ্যবসত গৃহস্থৰ ৰোষত পৰাৰ ভয়ত পলাই পত্ৰং দিয়া চোৰে এৰি গ'ল লগত লৈ অহা এ এছ ০৩ জি ৪৩১৮ নম্বৰৰ এখন বাইক। বাইক আৰু এটা চাৰ্ট সহ হেলমেট সকলো এৰি সেই ঠাইৰ পৰা পলায়ন কৰে চোৰে।
সম্প্ৰতি বৰপথাৰ আৰক্ষী উপস্থিত হৈ দুচকীয়া বাহনখন জব্দ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু