
চৰাইদেউ, ১৪ জুন (হি.স.)। সোণাৰিৰ ৰহনত অইল ইণ্ডিয়াৰ বিৰুদ্ধে সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী।
অইল ইণ্ডিয়াৰ অধীনস্থ জন এনার্জি ৰিগ' ৩০ৰ বিংসগতিপূর্ণভাৱে পৰিচালনা কৰাৰ ফলত জীৱ কুলৰ প্ৰতি অহা ভাবুকি, পৰিৱেশ সন্তুলন, মানৱ জীৱনৰ প্ৰতি অহা ভয়াবহ ভাবুকি, থলুৱা নিযুক্তি, অইল অধ্যুষিত এলেকা সমূহ উন্নয়ন, ক্ষতি হোৱা শস্য পথাৰৰ ক্ষতি পূৰণৰ দাবীত উক্ত বিক্ষোভ কার্যসূচী।
সাত দিনৰ ভিতৰত সমস্যা সমাধানৰ পদক্ষেপ গ্ৰহণ নকৰিলে সাপেখাতী আঞ্চলিক ছাত্র সন্থাই জন এনাৰ্জিৰ ৰিগ বন্ধ কৰাৰ হুংকাৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা