
দৰং, ১৪ জুন (হি.স.)। দৰং জিলাৰ ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ এখন ওৱগনাৰ বাহন এখন দুৰ্ঘটনাগ্ৰস্ত হয় ।
গুৱাহাটীৰ পৰা মঙ্গলদৈ অভিমুখী বাহন খন নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এটা পুখুৰীত বাগৰি পৰে ।
এই দুৰ্ঘটনাৰ পৰা
কথমপি ৰক্ষা পৰে বাহন খনত থকা একমাত্ৰ ব্যক্তি গৰাকী।
জানিব পৰামতে, এএছ ০১ বিডি ০৭৮৭ নম্বৰৰ বাহন খনৰে নিজৰ কৰ্তব্যলৈ আহি আছিল এগৰাকী চিকিৎসক।
আৰু ইয়াৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয় বাহন খন । এই ঘটনাৰ লগে লগে ওচৰে পাজৰে থকা লোকসকলে দুৰ্ঘটনাত পতিত লোকসকলক উদ্ধাৰ কৰে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা