
কামৰূপ, ১৪ জুন (হি.স.): কামৰূপৰ বংশৰত যোৱা কালি শনিবাৰে নিশা এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী যুৱক । শুৱালকুছি - গুৱাহাটী সংযোগী পথৰ বংশৰ বেলৰতলত সংঘটিত হয় দুৰ্ঘটনাটো ।
জানিব পৰামতে, নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটি গাই গৰুক খুন্দিয়াই ছিটিকি পৰে যুবক জন । যুৱক জনে নিজ বাসগৃহৰ পৰা কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো । নিহত যুৱক গৰাকী শুৱালকুছিৰ হিমাংশু তালুকদাৰ ুবুলি পৰিচয় পোৱা গৈছে । আনহাতে , দুৰ্ঘটনাটোত এটি পশু ধনৰো মৃত্যু ঘটে । দুৰ্ঘটনা সংঘটিত হোৱা স্কুটিখন বাহন খনৰ নম্বৰ এএছ ০১ ইকিউ ৮৭০৮ বুলি জনা গৈছে। উল্লেখ্য় যে যুৱক জন শুৱালকুছি মাই ডক্টৰচ ক্লিনিকত কৰ্মৰত আছিল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ