নলবাৰী নাট্য মন্দিৰত ককাদেউতা নাতি আৰু হাতী ২ ছৱিৰ প্ৰচাৰ
নলবাৰী, ১৪ জুন (হি.স.)। ১৯৮৩ চনত প্ৰথম মুক্তি পোৱা জনপ্ৰিয় বোলছবি ''''ককাদেউতা নাতি আৰু হাতীক লৈ পুনৰ চৰ্চা। এইবাৰ ককাদেউতা নাতি আৰু হাতী ২'''' নামেৰে পুনৰ প্ৰযোজনা কৰা হৈছে ছবিখন। কালি সন্ধিয়া নলবাৰী নাট্য মন্দিৰত ককাদেউতা নাতি আৰু হাতী ২
নলবাৰী নাট্য মন্দিৰত ককাদেউতা নাতি আৰু হাতী ২ ছৱিৰ প্ৰচাৰ


নলবাৰী, ১৪ জুন (হি.স.)। ১৯৮৩ চনত প্ৰথম মুক্তি পোৱা জনপ্ৰিয় বোলছবি ''ককাদেউতা নাতি আৰু হাতীক লৈ পুনৰ চৰ্চা। এইবাৰ ককাদেউতা নাতি আৰু হাতী ২'' নামেৰে পুনৰ প্ৰযোজনা কৰা হৈছে ছবিখন। কালি সন্ধিয়া নলবাৰী নাট্য মন্দিৰত ককাদেউতা নাতি আৰু হাতী ২ ছবি খনৰ তিনিটা গীতৰ দৃশ্যাংশ দেখুৱাই প্ৰয়োজক গোষ্ঠীয়ে চলায় প্ৰচাৰ।

ছবি খনত অভিনয় কৰা অভিনেতা– অভিনেত্ৰী ক্ৰমে প্ৰাঞ্জল শইকীয়া, যতীন বৰা, উৎপল দাস, সিদ্ধান্ত কলিতা, অভিনেত্ৰী প্ৰীতি কংকনা, শ্ৰেয়াকে ধৰি অন্যান্য অভিনেতা সকল উপস্থিত থাকে। উপস্থিত থাকে ছবি খনৰ পৰিচালক বিশ্বজিৎ বৰা, সংগীত পৰিচালক তৰালি শৰ্মা। ৩

জুলাইত ছবিখনে অসমৰ ছবিঘৰত মুক্তি পাব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande