জনীয়াৰ কাদঙ গাওঁ পঞ্চায়তৰ অন্তৰ্গত মহম্মদপুৰ গাঁৱৰ এটি জৰাজীৰ্ণ পথত দুৰ্বিসহ যাতায়ত
জনীয়াৰ কাদঙ গাওঁ পঞ্চায়তৰ অন্তৰ্গত মহম্মদপুৰ গাঁৱৰ এটি জৰাজীৰ্ণ পথে জলাকলা খোৱাইছে ৰাইজক ।
জনীয়াৰ কাদঙ গাওঁ পঞ্চায়তৰ অন্তৰ্গত মহম্মদপুৰ গাঁৱৰ এটি জৰাজীৰ্ণ পথত দুৰ্বিসহ যাতায়ত


বৰপেটা, ১৪ জুন (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ কাদঙ গাওঁ পঞ্চায়তৰ অন্তৰ্গত মহম্মদপুৰ গাঁৱৰ এটি জৰাজীৰ্ণ পথে জলাকলা খোৱাইছে ৰাইজক । পথটোৰ মাজত প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে । কাদঙ গাওঁ পঞ্চায়তৰ কাৰ্যালয়লৈ যোৱা পথৰ মাজত পুখুৰী সদৃশ প্ৰকাণ্ড গাতৰ সৃষ্টি ।

পথটোৰ দুৰাৱস্থাৰ মাজে সময়ে সংঘটিত হয় সৰু বৰ পথ দূৰ্ঘটনা । জনীয়াৰ পৰা কাদঙলৈ যোৱা লোক নিৰ্মাণ পথৰ পৰা কাদঙ গাওঁ পঞ্চায়ত কাৰ্যালয়লৈ যোৱা পথত মাজত প্ৰকাণ্ড গাতৰ সৃষ্টি হয় । পথটো পুনৰ নিৰ্মাণৰ দাবী জনাইছে ৰাইজে । বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অধীনস্থ কাদং গাওঁ পঞ্চায়তৰ অন্তৰ্গত মহম্মদপুৰ গাঁৱৰ পথৰ জৰাজীৰ্ণ পথে উদঙাইছে উন্নয়নৰ স্বৰূপ । উক্ত পথচোৱাৰে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু চৰম দুৰ্ভোগ ভূগিছে। সেয়ে অতি শীঘ্ৰে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক পথচোৱা নিৰ্মাণ কৰি যাতায়ত সুচল কৰি দিয়াৰ আহ্বান জনায় পথচাৰীৰ লগতে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande