বোকাখাত সমষ্টিৰ এটা পথে জ্বলাকলা খুৱাইছে পথচাৰিক
গোলাঘাট, ১৪ জুন (হি.স.)। বোকাখাত সমষ্টিৰ এটা পথে জ্বলাকলা খুৱাইছে পথচাৰিক। বোকাখাতৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ ২ নং পৰঙ্গনীয়াৰ নিকৰি সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থাই যমৰ যাতনা দিছে ৰাইজক। ৰঙালাউ উৎপাদনৰ বাবে বিখ্যাত এই অঞ্চলৰ পৰা হাজাৰ হাজাৰ টন ৰঙালাউ ৰ
বোকাখাত সমষ্টিৰ এটা পথে জ্বলাকলা খুৱাইছে পথচাৰিক


গোলাঘাট, ১৪ জুন (হি.স.)। বোকাখাত সমষ্টিৰ এটা পথে জ্বলাকলা খুৱাইছে পথচাৰিক। বোকাখাতৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ ২ নং পৰঙ্গনীয়াৰ নিকৰি সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থাই যমৰ যাতনা দিছে ৰাইজক। ৰঙালাউ উৎপাদনৰ বাবে বিখ্যাত এই অঞ্চলৰ পৰা হাজাৰ হাজাৰ টন ৰঙালাউ ৰপ্তানি হয় এই পথেদি। কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰা সদা ব্যস্ত পথ এইটো। ২০০৫ চনতে নিৰ্মাণ কৰা পথটো পুনৰ মেৰামতিৰ নামত কোনো ধৰণৰ ব্যৱস্থা নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। কেইবাটাও ই-ৰিক্সা ৰাস্তাৰ গাতত পৰি দুৰ্ঘটনাত পতিত হোৱা লগতে বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰী পথৰ দ' গাতত পৰি আঘাতপ্ৰাপ্ত হৈছে এই বিধ্বস্ত পথটোত।ভিতৰুৱা অঞ্চলৰ লোকসকলে এই পথটো যাতায়তৰ সু-ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰালৈ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande