দেৰগাঁও নাৰিকলগুৰি স্থিত চৰকাৰী গৃহৰ জৰাজীৰ্ণ অৱস্থা
যত এসময়ত আছিল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী।
দেৰগাঁও নাৰিকলগুৰি স্থিত চৰকাৰী গৃহৰ জৰাজীৰ্ণ অৱস্থা


গোলাঘাট ১৪ জুন (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও নাৰিকলগুৰি স্থিত কেইটামান জৰাজীৰ্ণ অৱস্থাত থকা চৰকাৰী গৃহ স্থানীয় ৰাইজৰ বাবে শংকাৰ কাৰণ হৈ পৰিছে । এই বাসগৃহসমূহত এসময়ত আছিল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী । বৰ্তমানে ভয়াবহ ৰূপ ধাৰণ কৰিছে এই দুমহলীয়া চৰকাৰী বাসগৃহ কেইটাই। এক প্ৰকাৰে ভয় আৰু আশংকা কঢ়িয়াই আনিছে কাষতে থকা লোক সকলৰ বাবে। দেৰগাঁৱত কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা ভাৰত সঞ্চাৰ নিগম লিমিটেড তথা ডাক বিভাগৰ এই বহু পুৰণি চৰকাৰী বাসগৃহ কেইটাই নিদ্ৰা হৰিছে নিচেই কাষতে থকা লোক সকলৰ।

উল্লেখ্য় যে বিগত ৬/৭ বছৰে পৰিত্যক্ত অৱস্থাত আছে দুমহলিয়া অট্টালিকা কেইটা । নাথাকে কোনো চৰকাৰী বিষয়া বা কৰ্মচাৰী । নিশা হলেই মদ আৰু জুৱাৰ আড্ডা স্থলীলৈ পৰিণত হয় গৃহ কেইটা । হাবি জংঘল আৰু আহত গছৰ শিপাই সম্পূৰ্ণ ৰূপে আৱৰি পেলাইছে গৃহ কেইটাৰ ওপৰ তল । জনবসতি অঞ্চলৰ মাজত থকা গৃহ কেইটা বৰ্তমানে বিষাক্ত গুই আৰু সাপৰ বাসস্থানলৈ পৰিণত হৈছে । যিকোনো মুহূৰ্ততে জহি খহি যোৱাৰ আশংকাত ভুগিছে কাষৰীয়া লোক সকলে । ভয় আশংকাত দিন কটাব লগীয়া হৈছে কাষৰ নিবাসীয়ে । স্থানীয় বিধায়ক বা অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে স্থানীয় জনতাই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande