গোসাঁইগাঁৱত বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত এগৰাকী বৃদ্ধা
গোসাঁইগাঁৱত বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত হয় বৃদ্ধাৰ।
গোসাঁইগাঁৱত বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত এগৰাকী বৃদ্ধা


কোকৰাঝাৰ, ১৪ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত হয় এগৰাকী বৃদ্ধা । ছানফাং ৰেঞ্জৰ অধীনত থকা ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানৰ লগত লাগি থকা ঠাইছুগুৰী গাঁৱত আজি দেওবাৰে পুৱতি নিশা বন্যহস্তীৰ আক্ৰমণত বৃদ্ধাগৰাকী থিতাতে নিহত হয় ।

বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত লোকজন গাঁৱৰে চৰকাৰী গাওঁ বুঢ়া ৰত্নেশ্বৰ বছুমতাৰী (৫৬) বুলি চিনাক্ত কৰা হৈছে । অঞ্চল সমূহত বন্যহস্তীৰ উপদ্ৰপ দৈনদিন বৃদ্ধি পাইছে যদিও ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া অঞ্চলৰ লোকে সুৰক্ষাৰ ব্যৱস্থা নাই বুলি অভিযোগ কৰিছে ভুক্তভোগি ৰাইজে ৷ ঘটনাস্থলীত আৰক্ষী আৰু বন ৰক্ষী উপস্থিত হৈ হাতীৰ আক্ৰমণত নিহত বৃদ্ধ লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষা পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande