
কাজিৰঙা, ১৪ জুন (হি.স.)। দুৰ্গত বন্যপ্ৰাণীক পৰিচৰ্যা কৰি পুনৰ বনত মুকলি কৰি গভীৰ প্ৰশান্তি লাভ কৰা কাজিৰঙাৰ এজন পৰিবেশ কৰ্মী মনোজ গগৈ সকলোৰে বাবে চিৰপৰিচিত ৷২০০৭চনৰ পৰা বন্যপ্ৰাণী সংৰক্ষণক নিজৰ কৰ্তব্য হিচাবে লৈ অবিৰতভাৱে কাম কৰি যোৱা মনোজ গগৈয়ে বৰ্তমানলৈকে ৬ হাজাৰতকৈ অধিক দুৰ্গত বন্যপ্ৰাণীক উদ্ধাৰ কৰি বনত মুকলি কৰি দিছে ৷ মনোজ গগৈয়ে উদ্ধাৰ কৰা বিশেষভাৱে বিভিন্ন জন্তু পক্ষী,সৰীসৃপকে আদি কৰি অন্যান্য বন্যজন্তু সমূহ পৰিচৰ্যা কৰি পুনৰ মুকলি দিছে মুকলি আকাশৰ
তলত ৷মনোজ গগৈয়ে নিজহাতে গঢ়া এখন অৰণ্যত মুক্ত মনে বিচৰণ কৰিছে বিভিন্ন পশু পক্ষীয়ে ৷শেহতীয়াকৈ ৯ টাকৈ মাতৃহাৰা কণমানি কণামুচৰি পোৱালিৰ পৰিশ্চৰ্যাত ব্যস্ত মনোজ গগৈ৷পৰিৱেশৰ সৈতে খাপ খোৱাকৈ প্ৰশিক্ষণ দিয়া পোৱালিকেইটাক উদ্ধাৰ কৰা হৈছিল কুঠৰীৰ জগদম্বাৰ পৰা ৷ বাহঁ গছৰ পৰি মাতৃহাৰা পোৱালিকেইটাক প্ৰশিক্ষণৰ অন্তত পুনৰ প্ৰকৃতিৰ বুকুত মুকলি কৰি দিয়াৰ কথা জনালে মনোজ গগৈয়ে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা