চতিয়াৰ হাজাৰিমলত পথ দুৰ্ঘটনাত নিহত অসম আৰক্ষীৰ জোৱানৰ
শোণিতপুৰ, ১৪ জুন (হি.স.)। চতিয়াৰ হাজাৰিমলত পথ দুৰ্ঘটনাত নিহত অসম আৰক্ষীৰ জোৱানৰ। চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হাজাৰিমলত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাকে প্ৰায় দুশ মিটাৰ চুচৰই নিলে দ্বাদশ অসম আৰক্ষী বাহিনীৰ ৰান্ধনী হিচাপে কৰ্মৰত গোবীন
চতিয়াৰ হাজাৰিমলত পথ দুৰ্ঘটনাত নিহত অসম আৰক্ষীৰ জোৱানৰ


শোণিতপুৰ, ১৪ জুন (হি.স.)। চতিয়াৰ হাজাৰিমলত পথ দুৰ্ঘটনাত নিহত অসম আৰক্ষীৰ জোৱানৰ।

চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হাজাৰিমলত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।

ট্ৰাকে প্ৰায় দুশ মিটাৰ চুচৰই নিলে দ্বাদশ অসম আৰক্ষী বাহিনীৰ ৰান্ধনী হিচাপে কৰ্মৰত গোবীন বৰাক(৫০)।

অৰুণাচল প্ৰদেশৰ পৰা তেজপুৰৰ অভিমুখে গৈ থকা মালবাহী পশ্চিম বংগৰ পঞ্জীয়ন ভুক্ত ডব্লিউ বি ৭৩ এইছ ১৫৮৫ ট্ৰাক খনে একে দিশৰেগৈ থকা গোবিন বৰাৰ এ এছ ১২ এ এ ১৭৭৯ নম্বৰৰ পালচাৰ বাইকখন বহুদুৰ চোচৰাই নিয়ে।

এই ঘটনা প্ৰত্যক্ষ কৰি কাষৰীয়া লোকে চিঞৰ বাখৰ কৰাৰ পিছতো ট্ৰাক চালকে গাড়ীখন নৰখাই পলাবলৈ চেষ্টা কৰিছিল।

কিন্তু ৰাইজৰ সহযোগত চতিয়া আৰক্ষীয়ে ট্ৰাকখনৰ লগতে চালক সঞ্জয় বৰ্মনক আটক কৰিবলৈ সক্ষম হৈছে।

ট্ৰাক চালক টোৱে আৰক্ষী আৰু কেইবাজনো লোকক কামুৰি আহত কৰে।

দুৰ্ঘটনাত থিতাতে নিহত হোৱা গোবিন বৰাৰ ঘৰ জামুগুৰিহাটৰ টুপীয়াত তেখেত বৰ্তমান দ্বাদশ আৰক্ষী বাহিনীৰ চতিয়া আৰক্ষী থানাত থকা চেক্সনৰ ৰান্ধনী হিচাপে কৰ্মৰত আছিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande