
নগাঁও, ১৪ জুন (হি.স.)। কামপুৰৰ প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়াৰ প্ৰকৃতিপ্ৰেমে পালে স্কীকৃতি।২০০৯ চনৰ এটা বিশেষ দিন। প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়াই কামপুৰ পাৰলিগুৰিৰ পৰা উদ্ধাৰ কৰিছিল এটা জহামালৰ পোৱালি। জন্মৰ কেইদিনমান পাছতেই উদ্ধাৰ কৰা পোৱালিটোক লৈ বিবুধিত পৰিছিল প্ৰকৃতিপ্ৰেমী গৰাকী। কাৰণ কি খোৱাই ডাঙৰ কৰিব জহামালৰ পোৱালিটোক।
ধৰণী শইকীয়াৰ পত্নী অঞ্জলি শইকীয়াই জহামালৰ পোৱালিটোক নিজৰ গাখীৰ খোৱাই ডাঙৰ কৰিছিল। নিজৰ সন্তানৰ দৰে লালন পালন কৰা জহামালৰ পোৱালিটো এদিন ডাঙৰ হ'ল। ধৰণী শইকীয়াৰ দুটা সন্তান যদিও জহামালৰ পোৱালিটো যেন তেওঁলোকৰ তৃতীয়টো সন্তান। মৰমতে জহামালৰ পোৱালিটোক ভকত বুলি মাতিছিল পৰিয়ালটোৱে। এদিন হঠাৎ জহামালৰ পোৱালিটো ঘৰৰ পৰা নোহোৱা হ'ল। এই কথাই পৰিয়ালটোক যেন মৰ্মাহত কৰি পেলাইছিল। প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়াৰ পৰিয়ালৰ প্ৰকৃতিপ্ৰেমে পালে স্বীকৃতি। ভকত অৰ্থাৎ জহামালৰ কাহিনী অন্তৰ্ভুক্ত হ'ল চি বি এচ ছিৰ পাঠ্যক্ৰমত। যি কথাই উৎফুল্লিত কৰি তুলিছে ধৰণী শইকীয়াৰ পৰিয়ালৰ লগতে কামপুৰবাসীক
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু