
গুৱাহাটী , ১৪ জুন (হি.স.)। গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত এক ৰাষ্ট্ৰীয় আলোচনা সত্ৰ ১৭ জুলাইৰ পৰা ১৯ জুলাইলৈ অনুষ্ঠিত হ’ব। ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালয়, উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় তথা উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় (নেহু) ৰ যুটীয়া সহযোগত এই শৈক্ষিক মহামিলনৰ আয়োজন কৰা এই আলোচনা সত্ৰৰ মূল বিষয়বস্তু: পৰম্পৰাৰ পৰা পৰিৱৰ্তনলৈ: আধুনিক শাসন ব্যৱস্থাত ভাৰতীয় ইতিহাস আৰু ভাৰতীয় জ্ঞান পৰম্পৰাৰ সংমিশ্ৰণ
বিশ্বায়ন আৰু প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ এই যুগত আমাৰ চহকী সাংস্কৃতিক শিপা আৰু ঐতিহ্যমণ্ডিত পৰম্পৰাগত জ্ঞানক আধুনিক শাসন প্ৰণালী, শিক্ষা আৰু সামাজিক জীৱনৰ সৈতে কেনেকৈ একত্ৰিত কৰিব পাৰি, তাৰ ওপৰতোবিশদ আলোচনা কৰা হ’ব।
এই আলোচনা সত্ৰৰ উপ-বিষয় সমূহ হৈছে-
১) ভাৰতীয় ঐতিহ্যৰ পুনৰুদ্ধাৰ: ভাৰতীয় জ্ঞান পৰম্পৰা (IKS) আৰু সাংস্কৃতিক মূল্যবোধৰ অনুসন্ধান ।
২) বৈচিত্ৰ্যৰ মাজত ঐক্য: সমসাময়িক ভাৰতত সামাজিক সমৰসতাৰ ভূমিকা ।
৩) স্বদেশী ভাৱনাৰ জাগৰণ: সাংস্কৃতিক গৌৰৱ আৰু স্থানীয় উদ্যোগৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বিতা ।
৪) পাৰিবাৰিক প্ৰবোধন (Kutumb Prabodhan): সামাজিক পৰিৱৰ্তনৰ অনুঘটক হিচাপে পৰিয়ালৰ ভূমিকা ।
৫) নাগৰিক কৰ্তব্য: আধুনিক ভাৰতত দায়িত্বশীল নাগৰিকত্বৰ বিকাশ ।
৬) পৰিৱেশ সংৰক্ষণ: ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ পৰা লোৱা শিক্ষা ।
৭) ভাৰতীয় ইতিহাস, সংস্কৃতি আৰু সংবিধান: বহনক্ষম ভৱিষ্যত আৰু ভাৰতীয় পৰিচয়ৰ ভেটি ।
৮) প্ৰাচীন জ্ঞানৰ প্ৰয়োগ: আধুনিক প্ৰত্যাহ্বানসমূহৰ সৈতে প্ৰাচীন জ্ঞানৰ সংমিশ্ৰণ আৰু ৯) ৰাষ্ট্ৰীয় উন্নয়ন: নাগৰিক দায়িত্ব আৰু সাংস্কৃতিক পৰিচয়ৰ মাজেৰে ৰাষ্ট্ৰীয় বিকাশ । আলোচনা সত্ৰৰ আহ্বায়ক মণ্ডলীয়ে ইয়াৰ শ্ৰেণী আৰু মাধ্যম (Mode & Category) সন্দৰ্ভতো কিছু কথা প্ৰকাশ কৰিছে। সেইমতে উপস্থাপনৰ শ্ৰেণী: মৌখিক(Oral) অথবা পোষ্টাৰ(Poster) উপস্থাপন আৰু সন্মিলনখনত অফলাইন বা অনলাইন দুয়োটা মাধ্যমতে অংশগ্ৰহণ কৰিব পাৰিব আৰু অনলাইন অংশগ্ৰহণকাৰী সকলক লিংক পাছত জনোৱা হ’ব । আনহাতে টাৰ্গেট দৰ্শক
শিক্ষাবিদ, বিজ্ঞানী, গৱেষক ছাত্ৰ-ছাত্ৰী, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, সমাজকৰ্মী, নীতি নিৰ্ধাৰক আৰু চৰকাৰী বিষয়াসকল।
আলোচনা সত্ৰৰ পঞ্জীয়ন মাচুল
শিক্ষাবিদ / বিজ্ঞানী : ১০০০ টকা, গৱেষক ছাত্ৰ ৫০০ টকা, আৰু ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ২০০ টকা ধাৰ্য কৰা হৈছে বুলি প্ৰকাশ কৰিছে।
বেংকৰ সবিশেষ :
একাউণ্ট নম্বৰ: 09090100001824
একাউণ্টৰ নাম: Bharatiya Itihas Sankalan Samiti, Assam
* IFSC ক’ড: BARB0ATROAD
* বেংক: Bank of Baroda, AT Road Branch
আলোচনা সত্ৰৰ যাৱতীয় কাৰ্যাৱলী সম্পাদনাৰ্থে গুৰুত্বপূৰ্ণ তাৰিখসমূহ হৈছে-
১) সাৰাংশ জমা দিয়াৰ অন্তিম তাৰিখ: ২০ জুন, ২০২৬
২) মনোনয়নৰ জাননী : ২১ জুন, ২০২৬
৩) পূৰ্ণ পৰ্যায়ৰ গৱেষণা পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ: ৩০ জুন, ২০২৬
৪) পঞ্জীয়নৰ অন্তিম তাৰিখ : ১৫ জুলাই, ২০২৬ আৰু
৫) আলোচনা সত্ৰৰ মূল দিনকেইটা হৈছে ১৭, ১৮ আৰু ১৯ জুলাই ৷
আনহাতে https://forms.gle/D3iAAPE7EyXdbWqC7 পৰা অনলাইন পঞ্জীয়নৰ ফৰ্ম সংগ্ৰহ কৰিব পাৰিব। একেদৰে সাৰাংশ / প্ৰবন্ধ প্ৰেৰণ কৰিবলগীয়া ইমেইল: itihas2026@gmail.comত,
যিকোনো সোধা-পোছাৰ বাবে itihasassam@gmail.com ত ইমেইল কৰিব পাৰিব বুলি ৰাষ্ট্ৰীয় আলোচনা সত্ৰ আয়োজক সমিতিয়ে জানিবলৈ দিছে ৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী