
বৰপেটা, ১৪ জুন (হি.স.)। আৰক্ষীয়ে খেদি যোৱা ড্ৰাগছ সৰবৰাহকাৰী পলায়ণ কৰে যদিও জব্দ কৰিবলৈ সক্ষম হয় ২৫ টা ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ । বৰপেটা জিলাৰ আলোপতি চৰ আৰক্ষীৰ তৎপৰতাত জব্দ কৰা হয় ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ কেইটা। জানিব পৰা অনুসৰি সুখোৱাৰঝাৰৰ পৰা দুজন সৰবৰাহকাৰীয়ে মাজৰ চৰ লৈ ড্ৰাগছ সৰবৰাহৰ বাবে অহাৰ খৱৰ লাভ কৰি আলোপতি আৰক্ষীয়ে তৎপৰ হয় যদিও ড্ৰাগছ সৰবৰাহকাৰী দুজনে য়ামাহা আৰ ১৫ বাইকেৰে আৰক্ষীৰ চকুত ধুলি দি তীব্ৰ বেগে গুচি যায়।
পিছত একাংশ লোকে পাঠিমাৰী জনপ্ৰিয় বজাৰত বাইক খন উদ্ধাৰ কৰে আৰু আৰক্ষীয়ে বাইক খনৰ পৰা ২৫ টা ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ জব্দ কৰে । জব্দকৃত বাইক খনো থানালৈ লৈ যায় আৰক্ষীয়ে । চৰাঞ্চলৰ পৰা ড্ৰাগছৰ ঘাটি উৎক্ষাত কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ত জৰিত সকলক গ্ৰেপ্তাৰৰ দাবী জনায় আৰক্ষীক।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু