
–বীজ আৰু সাৰ বিতৰণত বিলম্ব কৰিলে যোগানকাৰীৰ বিৰুদ্ধে ফৌজদাৰী ব্যৱস্থা আৰু অনুজ্ঞাপত্ৰ বাতিলৰ সকীয়নি কৃষি মন্ত্ৰীৰ
গুৱাহাটী, ১৪ জুন (হি.স.)। অসম চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰীকাই আজি খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যখনৰ জিলা কৃষি বিষয়াসকলৰ সৈতে এক উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ এক কঠোৰ নিৰ্দেশ জাৰি কৰে। তেওঁ উল্লেখ কৰে যে অসমৰ প্ৰায় ৫০ লাখ পৰিয়াল জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল যদিও বৰ্তমান মাত্ৰ ২৪ লাখ কৃষকেহে পঞ্জীয়নভুক্ত হৈছে। এই ব্যৱধান দূৰ কৰিবলৈ বিভাগে অহা ছমাহৰ ভিতৰত অতিৰিক্ত ৫ ৰ পৰা ৭ লাখ কৃষকক পঞ্জীয়ন কৰাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিব, যাৰ মূল লক্ষ্য হ’ব ৰাজ্যখনৰ আটাইতকৈ দৰিদ্ৰ পৰিয়ালসমূহক কৃষিকাৰ্যৰ জৰিয়তে স্বাৱলম্বী কৰি তোলা।
তৃণমূল পৰ্যায়ত কৃষকসকলৰ কল্যাণ সাধন কৰাৰ উদ্দেশ্যে মন্ত্ৰী হাজৰীকাই বিষয়া কৰ্মচাৰীসকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষকৰ অন্তৰ্ভুক্তি ব্যাপকভাৱে বৃদ্ধি কৰিবলৈ আৰু পৰিচয় পত্ৰ (ID) সৃষ্টিৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি প্ৰধানমন্ত্ৰী কিষাণ (PM-KISAN) আঁচনিৰ পঞ্জীয়নৰ গতি বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে।
মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে বীজ আৰু সাৰ বিতৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ হ’ব লাগিব। ইয়াৰ উপৰিও খেতিৰ বতৰ আৰম্ভ হোৱাৰ কমেও এমাহ পূৰ্বে কৃষকসকলৰ হাতত যাতে উন্নত মানদণ্ডৰ বীজ উপলব্ধ হয়, তাৰ বাবে তেওঁ নিৰ্দেশ দিয়ে। বিতৰণ প্ৰক্ৰিয়াত কোনো ধৰণৰ বিলম্ব বা শিথিলতা সহ্য কৰা নহ’ব বুলি সতৰ্ক কৰি দি তেওঁ নিম্নমানৰ সামগ্ৰী যোগান ধৰা বা সাৰৰ ক’লা বজাৰৰ সৈতে জড়িত সংস্থাসমূহৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰা, ক’লা তালিকাভুক্ত কৰা আৰু অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দৰে আইনী পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। স্থানীয় পৰ্যায়ত সমন্বয় বজায় ৰাখিবলৈ সকলো ধৰণৰ বিতৰণ অভিযানৰ বিষয়ে স্থানীয় জনপ্ৰতিনিধিসকলক অৱগত কৰিবলৈও তেওঁ কয়।
অৰ্থনৈতিক স্বাৱলম্বিতাৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমে কেৱল পৰম্পৰাগত ধান খেতিৰ ওপৰতে নিৰ্ভৰ নকৰি শস্যৰ বৈচিত্ৰ্যকৰণ কৰিব লাগিব। পাম তেল (Oil Palm) আৰু দাইলজাতীয় শস্য ক্ৰয় কৰাৰ বাবে বৰ্তমান ৰাজ্যখনৰ পৰা এক বুজন পৰিমাণৰ পুঁজি বাহিৰলৈ ওলাই যায় বুলি উল্লেখ কৰি তেওঁ উদ্যানশস্য (Horticulture), দাইল আৰু পাম তেলৰ উৎপাদনক বিভাগৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে ঘোষণা কৰে। এই প্ৰচেষ্টাৰ সমান্তৰালভাৱে উৎপাদিত কৃষি সামগ্ৰীৰ উচিত মূল্য নিশ্চিত কৰিবলৈ বজাৰৰ উন্নয়নৰ বাবেও তাৎক্ষণিকভাৱে আলোচনা কৰা হ’ব। এই কাৰ্যসূচীসমূহ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ কৃষি উন্নয়ন বিষয়াসকলক (ADO) নিয়মীয়াকৈ কৃষি পথাৰ পৰিদৰ্শন কৰিবলৈ আৰু কৃষক উৎপাদক সংগঠনসমূহক (FPO) সক্ৰিয়ভাৱে সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
মন্ত্ৰী হাজৰীকাই স্পষ্ট কৰি দিয়ে যে বিভাগত জবাবদিহিতা আৰু শৃংখলাবদ্ধ কৰ্মসংস্কৃতিৰ সৈতে কোনো আপোচ কৰা নহ’ব। পূৰ্ব অনুমতি অবিহনে কোনো বিষয়াই নিজৰ কৰ্তব্যৰ স্থান এৰি যাব নোৱাৰিব বুলিও তেওঁ কঠোৰভাৱে নিৰ্দেশ প্ৰদান কৰে। কৃষিখণ্ডত উন্নত পদ্ধতিক উদগনি যোগাবলৈ বিভাগে অতি শীঘ্ৰেই প্ৰগতিশীল কৃষকসকলৰ মাজত আনুষ্ঠানিকভাৱে উন্নত মানৰ বীজ, পুলি আৰু পাৱাৰ টিলাৰ বিতৰণ কৰিব তেওঁ কয়।
সম্পদৰ সঠিক ব্যৱহাৰ আৰু স্থানীয় প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত জিলাভিত্তিক উপস্হাপনেৰে সামৰণি পৰা এই পৰ্যালোচনা বৈঠকত বিভাগৰ আয়ুক্ত- সচিব অৰুণা ৰাজৰীয়া, কৃষি বিভাগৰ সঞ্চালক ৰাতুল পাঠকৰ লগতে বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল আৰু অসমৰ সকলো জিলাৰ জিলা কৃষি বিষয়াসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী