মায়ঙত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত ২১৫ গৰাকী প্ৰতিযোগীৰ কবিতা আবৃত্তিত অংশগ্ৰহণ
মৰিগাঁও, ১৪ জুন (হি.স.)। মায়ঙত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত ২১৫ গৰাকী প্ৰতিযোগীৰ কবিতা আবৃত্তিত অংশগ্ৰহণ। ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত বিগত কিছু দিন ধৰি সমগ্ৰ অসমৰ বিভিন্ন প্ৰ
মায়ঙত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত ২১৫ গৰাকী প্ৰতিযোগীৰ কবিতা আবৃত্তিত অংশগ্ৰহণ


মৰিগাঁও, ১৪ জুন (হি.স.)। মায়ঙত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত ২১৫ গৰাকী প্ৰতিযোগীৰ কবিতা আবৃত্তিত অংশগ্ৰহণ।

ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত বিগত কিছু দিন ধৰি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত আবৃত্তিৰ মহাৰণ শীৰ্ষক এলানি কবিতা আবৃত্তিৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে।

ইয়াৰে অংশ হিচাপে মৰিগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ অন্তৰ্গত মায়ং শাখা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত কালি মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শাখা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়l কালি দিনৰ ১১ বজাৰ পৰা মায়ঙত অনুষ্ঠিত এই আবৃত্তি প্ৰতিযোগিতাত সহস্ৰাধিক কবিতা প্ৰেমী দৰ্শক শ্ৰোতাৰ উপস্থিতিত বৃহত্তৰ অঞ্চলটোৰ সৰ্বমুঠ ২১৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। মুখ্য আৰু সহকাৰী বিচাৰক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি নৱ কুমাৰ ডেকা আৰু নাৰায়ণ টেৰণ।

আবৃত্তিৰ অনুষ্ঠান ভাগ উদ্বোধন কৰে মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰাপদ শইকীয়াই। একেদৰে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত বিজয়ী হোৱা সকলে ৰাজ্যিক পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ পাব বুলি জানিবলৈ দিয়ে মৰিগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভাপতি ড০ উৎপল নাথে। আজিৰ আবৃত্তিৰ অনুষ্ঠান ভাগৰ আত ধৰে

মৰিগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সম্পাদক নজৰুল ইছলাম আৰু মায়ং শাখাৰ উপ সভাপতি দুলেন নাথে। ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে আজিৰ কবিতা আবৃত্তিত অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande