টিংখাঙত আৰক্ষীৰ অভিযানত গাঞ্জাসহ আটক এজন
ডিব্ৰুগড়, ১৪ জুন (হি.স.)। টিংখাঙত গাঞ্জাসহ আটক এজন। টিংখাং আৰক্ষীৰ সফল অভিযান। টিংখাঙৰ ১ নং চপাতলি গাঁৱৰ ৰুহিনী কোঁচ নামৰ ব্যক্তি জনৰ বাসগৃহৰ পৰা জব্দ ৫ কেজি গাঞ্জা। ৰুহিনী কোঁচৰ বাসগৃহত এটা প্লাষ্টিকৰ বেগত ভৰাই থৈছিল গাঞ্জাখিনি। এক গোপন সূত্
টিংখাঙত আৰক্ষীৰ অভিযানত গাঞ্জাসহ আটক এজন


ডিব্ৰুগড়, ১৪ জুন (হি.স.)। টিংখাঙত গাঞ্জাসহ আটক এজন।

টিংখাং আৰক্ষীৰ সফল অভিযান। টিংখাঙৰ ১ নং চপাতলি গাঁৱৰ ৰুহিনী কোঁচ নামৰ ব্যক্তি জনৰ বাসগৃহৰ পৰা জব্দ ৫ কেজি গাঞ্জা। ৰুহিনী কোঁচৰ বাসগৃহত এটা প্লাষ্টিকৰ বেগত ভৰাই থৈছিল গাঞ্জাখিনি। এক গোপন সূত্ৰৰ ভিত্তিত চিডিএছপি বেণ্ডন দৈমাৰী আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধৰ্মেন্দ্ৰ বৰাৰ নেতৃত্বত আৰক্ষীয়ে চলোৱা অভিযানত জব্দ কৰে গাঞ্জাখিনি।

আৰক্ষীয়ে গাঞ্জাসহ আটক কৰে ৰুহিনী কোঁচ নামৰ লোকজনক।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande