
মানকাচৰ, ১৪ জুন (হি.স.)। ৰেবিজ আতংকৰ মাজতে হাটশিঙিমাৰী জিলা চিকিৎসালয়ৰ অধ্যক্ষৰ সংবাদমেল, সজাগতা আৰু সতৰ্কতাৰ আহ্বান।
মানকাচৰৰ সাদুল্যাবাড়ীত ৰেবিজ আক্ৰান্ত বলীয়া কুকুৰৰ আক্ৰমণত কেইবাগৰাকী লোক আহত হোৱাৰ ঘটনাৰ পিছতে হাটশিঙিমাৰী জিলা চিকিৎসালয়ৰ অধ্যক্ষ ড০ ছামচুল হকে এক সংবাদমেল সম্বোধন কৰে।
সংবাদমেলত ড০ হকে ৰেবিজ ৰোগৰ ভয়াবহতা সম্পৰ্কে বিশদভাৱে অৱগত কৰি কয় যে, ৰেবিজ এক মাৰাত্মক ভাইৰাছজনিত ৰোগ আৰু সময়মতে চিকিৎসা গ্ৰহণ নকৰিলে ইয়াৰ পৰিণতি অত্যন্ত সংকটজনক হ’ব পাৰে।
তেওঁ কুকুৰ বা অন্য কোনো সন্দেহজনক জন্তুৱে কামুৰিলে তৎক্ষণাৎ ক্ষতস্থান চাবোন আৰু পৰিষ্কাৰ পানীৰে কমেও ৩০ মিনিট ধুই লোৱাৰ লগতে বিলম্ব নকৰি স্বাস্থ্য কেন্দ্ৰ বা চিকিৎসালয়ত উপস্থিত হৈ এণ্টি-ৰেবিজ ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
অধ্যক্ষগৰাকীয়ে লগতে জনায় যে, চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণে এণ্টি-ৰেবিজ ভেকচিন উপলব্ধ আছে আৰু আক্রান্তসকলক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা হৈছে। ৰাইজক কোনো ধৰণৰ বেলগ চিন্তা নকৰি স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি চলিবলৈও আহ্বান জনায়।
ইফালে, সাদুল্যাবাড়ী অঞ্চলত সৃষ্টি হোৱা আতংকময় পৰিস্থিতিৰ মাজতে স্বাস্থ্য বিভাগে সজাগতা বৃদ্ধি কৰাৰ লগতে সম্ভাৱ্য বিপদ ৰোধৰ বাবে সকলোকে সচেতন হ’বলৈ অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা