
ধুবুৰী, ১৪ জুন (হি.স.)। ফকিৰগঞ্জৰ ধাপানপাৰাত আজিও ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অব্যাহত । বছৰটোত হেজাৰ হেজাৰ পৰিয়ালৰ ঘৰ দুৱাৰ নদীত জাহ যায় । ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ ধাপানপাৰাত দীৰ্ঘদিন ধৰি চলা বৰলুইলতৰ খহনীয়াত হেজাৰ পৰিয়ালৰ ঘৰ দুৱাৰ ভেটি মাটি নদীৰ বুকুত জাহ যোৱাত সৰ্বহাৰা হৈ পৰে অঞ্চলবাসী ৰাইজ। উল্লেখ যে ফকিৰগঞ্জ অঞ্চলত ২০২২ চনৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অব্যাহত আছে যদিও যোৱা এটা বছৰত অঞ্চলটোত চলা ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়াৰ ফলত কুছবাৰী, ওৱাহাব বাজাৰ, বোছাইমাৰী, বৰাইবাৰী, বাসমুৰা ধাপানপাৰাকে ধৰি কেইবাটাও গাওঁৰ ৪/৫ হেজাৰ পৰিয়ালৰ ঘৰ দুৱাৰ, কেইবাটাও চৰকাৰী শিক্ষা প্ৰতিষ্ঠান, ধৰ্মীয় প্ৰতিষ্ঠানৰ লগতে হেজাৰ হেজাৰ হেক্টৰ বিঘা মাটি নদীৰ বুকুত চিৰদিনৰ কাৰণে জাহ যোৱাত সৰ্বহাৰা হৈ পৰে অঞ্চলবাসী ৰাইজ। অসমৰ ভিতৰতে সৰ্বাধিক গৰাখহনীয়া চলা ফকিৰগঞ্জ অঞ্চলটো মানচিত্ৰৰ পৰা নাইকীয়া হৈ যোৱাৰ উপক্ৰম হৈছে।
নব গঠিত বিৰসিং জৰুৱা সমষ্টিৰ বৃহত্তৰ ফকিৰগঞ্জৰ অঞ্চলটোৰ ৰাইজৰ গোৱালপাৰা গুৱাহাটী লৈ যাতায়তৰ একমাত্ৰ শালকাটাৰ পৰা আইৰকাটা সংযোগী লোক নিৰ্মাণ বিভাগৰ ৰাস্তাটোও গৰাখহনীয়াৰ ফলত নদীত বিলীন হৈ যোৱাত বিপদ সংকুল ভাবে ইঞ্জিন চালিত নাৱেৰে আইৰকাটা লৈ যাব লগা হোৱাত সময়ে সময়ে দূৰ্ঘটনাত পতিত হবলগীয়া হৈছে।
অঞ্চলটোৰ খহনীয়াৰ প্ৰতিৰোধ কাৰণে জিঅ বেগৰে কাম কৰিছিল যদিও সঠিক ভাৱে নোহোৱাত জি অ বেগখিনিও নদীৰ বুকুত বিলীন হৈ যায়।
গৰাখহনীয়াৰ ফলত সৰ্বহাৰা হৈ পৰাৰ সময়তো অঞ্চলটোত স্থানীয় সাংসদ ৰকিবুল হুছেইনে এবছৰৰ ভিতৰত এদিন খা খবৰ লবলৈ অহা নাই যাৰফলত সাংসদ গৰাকী আৰু বিধায়কৰ ভূমিকাও সন্তোষজনক নহয়।
স্থানীয় ৰাইজে বৰ্তমান নতুন চৰকাৰৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোঁহাই লৈ ফকিৰগঞ্জৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা