
দক্ষিণ শালমাৰা-মানকাচৰ, ১৪ জুন (হি.স.)। খাৰুৱাবান্ধা আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান, য়াবা টেবলেটসহ এজন আটক
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। শনিবাৰে নিশা খাৰুৱাবান্ধা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কোকৰাডাঙা গাঁৱত ড্ৰাগছ বিৰোধী অভিযান চলায়।
অভিযানত মজিবৰ খান নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে তেওঁৰ পৰা ১৫০টা মাৰাত্মক নিচাজাতীয় য়াবা টেবলেট আৰু নগদ ৪৬ হাজাৰ ৪২০ টকা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।
বৰ্তমান আটকাধীন ব্যক্তিজনক খাৰুৱাবান্ধা আৰক্ষী চকীত ৰখা হৈছে আৰু এই চক্ৰৰ সৈতে জড়িত আন ব্যক্তি সকলৰ সন্ধানত তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা