মণিপুৰৰ ডিজিপিৰ চুৰাচান্দপুৰ জিলা ভ্ৰমণৰ সময়ত শান্তি আৰু শৃংখলা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ
ইম্ফল, ১৪ জুন (হি.স.)। মণিপুৰৰ নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে শনিবাৰে চুৰাচান্দপুৰ জিলালৈ প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰি জিলা আৰক্ষী বিষয়া, চি এ পি এফ/আছাম ৰাইফলছ, আৰু নাগৰিক সমাজৰ সংগঠন (চি এছ অ’)ৰ সৈতে বৈঠকত মিলিত হয়। তেওঁ আইন-শৃংখলা বজা
मणिपुरः चुराचांदपुर जिले के दौरे के दौरान पुलिस अधिकारियों के साथ चर्चा करते पुलिस महानिदेशक


ইম্ফল, ১৪ জুন (হি.স.)। মণিপুৰৰ নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে শনিবাৰে চুৰাচান্দপুৰ জিলালৈ প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰি জিলা আৰক্ষী বিষয়া, চি এ পি এফ/আছাম ৰাইফলছ, আৰু নাগৰিক সমাজৰ সংগঠন (চি এছ অ’)ৰ সৈতে বৈঠকত মিলিত হয়।

তেওঁ আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত সকলো ইউনিটৰ প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু ড্ৰাগছ জব্দ, অস্ত্ৰধাৰী অপৰাধীক গ্ৰেপ্তাৰ, অবৈধ অস্ত্ৰ উদ্ধাৰৰ ক্ষেত্ৰত জিলা আৰক্ষীৰ কৃতিত্বৰ বাবে প্ৰশংসা কৰে। জিলাখনৰ শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে বিষয়াসকলক আইনী ব্যৱস্থা গ্ৰহণ কৰি যাবলৈ আহ্বান জনায় ডিজিপিয়ে।

চি এছ অ’ৰ সদস্যসকলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত তেওঁ তেওঁলোকৰ উদ্বেগ শুনিছিল, জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল আৰু ৰাজ্যখনত আলোচনা, শান্তি আৰু সমন্বয়ক প্ৰসাৰিত কৰিবলৈ উৎসাহিত কৰিছিল। ভ্ৰমণৰ সামৰণি মাৰি তেওঁ শান্তি-শৃংখলা বজাই ৰখাৰ সন্দৰ্ভতো সভাক ভাষণ দিয়ে। -----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande