মণিপুৰত মাদক দ্ৰব্য বিৰোধী বৃহৎ অভিযান, হেৰ’ইন আৰু কোকেইন জব্দ
ইম্ফল, ১৪ জুন (হি.স.)। ৰাজ্যত চলি থকা নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযানৰ অংশ হিচাপে মণিপুৰ আৰক্ষীয়ে শনিবাৰে দুটা পৃথক অভিযানত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন আৰু কোকেইন জব্দ কৰিছে। ইয়াৰ লগতে এজন নাবালককে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে । দেওবাৰে প্ৰক
मणिपुर में बरामद मादक पदार्थों के साथ गिरफ्तार आरोपित की तस्वीर।


मणिपुर में बरामद मादक पदार्थों के साथ गिरफ्तार आरोपित की तस्वीर।


मणिपुर में मादक पदार्थ के साथ गिरफ्तार तस्करों की तस्वीर


ইম্ফল, ১৪ জুন (হি.স.)। ৰাজ্যত চলি থকা নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযানৰ অংশ হিচাপে মণিপুৰ আৰক্ষীয়ে শনিবাৰে দুটা পৃথক অভিযানত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন আৰু কোকেইন জব্দ কৰিছে। ইয়াৰ লগতে এজন নাবালককে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে ।

দেওবাৰে প্ৰকাশ পোৱা চৰকাৰী তথ্য অনুসৰি বিষ্ণুপুৰ জিলাৰ মইৰাং থানা এলেকাৰ ট্ৰংলাওবি মাখা লেইকাইত এ এছ-১১ বি চি-৫৩৯৫ নম্বৰৰ টাটা গোল্ড ছুমো গাড়ীখন ৰখাই তালাচী চলায়। তালাচীৰ সময়ত গাড়ীখনৰ পৰা সন্দেহযুক্ত হেৰ’ইন থকা ২৬টা চাবোনৰ কেচ উদ্ধাৰ কৰা হয় । গাড়ীখনত থকা মটবুং (সেনাপতি জিলা)ৰ চৰহাজাৰে গাঁৱৰ নিবাসী বিকি মুণ্ডা (২২) আৰু উখৰুল জিলাৰ হুংপুং গাঁৱৰ নাবালকক গ্ৰেপ্তাৰ কৰে ।

মণিপুৰ আৰক্ষীয়ে আজি ঘোষণা কৰে যে যোৱা ১২ জুনত মণিপুৰ আৰক্ষীয়ে ইম্ফল পশ্চিম জিলাৰ বিভিন্ন অঞ্চলৰ পৰা কোকেইনসহ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ৰিমছ ৰোডৰ নিত্যানন্দ মন্দিৰৰ সমীপত সগোলবন্দ ছায়াং পুখৰী মাপালৰ সুখাম ৰোজাৰ (২৫)ক ৪.৬ গ্ৰাম কোকেইনসহ গ্ৰেপ্তাৰ কৰে আৰু সগোলবন্দ মীনো লেইৰাকৰ মুটুম গিৰিৰাজ ওৰফে পাকপা (২৯)ক তেওঁৰ অঞ্চলৰ পৰা ১৮.৬ গ্ৰাম কোকেইনসহ গ্ৰেপ্তাৰ কৰে।

সেইদিনা মণিপুৰ আৰক্ষীয়ে ইম্ফল ইষ্টৰ খাবাম লামখাইত এমএন-০৬এলবি-৬৮৫১ নম্বৰৰ মহিন্দ্ৰা বলেৰো এখন আটক কৰি চালক মইৰাংথেম অবিনাশ সিং (২৭) আৰু তাত থকা দুজন ৱাহেংবাম ইচানমাচা (৪৬) আৰু থাংজাম সুমতী দেৱী (৪৯) নামৰ ২১৫ লিটাৰ ডিআইচি সুৰাসহ গ্ৰেপ্তাৰ কৰে। ৰখাই থোৱা বাহনখন, জব্দ কৰা সুৰা, আৰু ধৃত ব্যক্তিকেইজনক অধিক ব্যৱস্থা গ্ৰহণৰ বাবে আবকাৰী বিভাগক গতাই দিয়া হৈছে।

আৰক্ষীয়ে দুয়োটা গোচৰতে সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। নিচাযুক্ত দ্ৰব্যৰ যোগান আৰু চোৰাং ব্যৱসায়ৰ লগত জড়িত নেটৱৰ্ক উন্মোচনৰ বাবে অধিক তদন্ত অব্যাহত আছে ।

---------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande