
লক্ষীমপুৰ, ১৪ জুন (হি.স.)। চুবুৰীয়া ৰাজ্য অৰুণাচলৰ শোকাৱহ পথ দুৰ্ঘটনাত নিহত ৫ যুৱকৰ জানাজা সম্পন্ন।
আজি পুৱা হাজাৰ হাজাৰ লোকৰ উপস্থিতিত নাওবৈচাৰ ভৰলুৱাত সম্পন্ন হয় জানাজা।
নিহত আমজত আলী, বুলবুল আলী, নুৰ হুছেইন, ছইদুল ইছলাম আৰু আবুল হুছেইনৰ জানাজা নামাজ
শোকস্তব্ধ সমগ্ৰ অঞ্চল ৷
চলিত মাহৰ ১২ জুনত অৰুণাচল প্ৰদেশৰ চেপাত সংঘটিত এক পথ দুৰ্ঘটনাত নাওবৈচাৰ আটাইকেইজন যুৱক নিহত হৈছিল।
অশ্ৰুশিক্ত নয়নেৰে শেষ বিদায় জনায় অঞ্চলবাসীয়ে, কান্দোনত ভাগি পৰে সমগ্ৰ এলেকাৰ ৰাইজ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা