
লখিমপুৰ, ১৪ জুন (হি.স.): লক্ষিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিবাসীৰ দীৰ্ঘদিনীয়া আবেদন নিবেদন, প্ৰতিবাদৰ অন্তত নিৰ্বাচনৰ পূৰ্বে মূখ্যমন্ত্ৰীৰ আশীৰ্বাদত নাৰায়ণপুৰ বিহপুৰীয়া সংযোগী গুৰুত্বপূৰ্ণ ৰাজ্যিক ঘাইপথটো নিৰ্মাণৰ বাবে অনুমোদন দিছিল ৰাজ্য চৰকাৰে। অসম মালাৰ অধিনত এই ৰাজ্যিক ঘাইপথটো নিৰ্মাণ হৈছিল যদিও শেহতীয়াকৈ ঠিকাদাৰী পক্ষৰ দূৰ্নীতি আৰু বিভাগীয় লোকৰ অৱহেলাত অতি নিম্নমানদণ্ডৰ কামেৰে পালমাৰি পথটো নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।
বৰষুণৰ বতৰত পানীৰ ওপৰতে ব্লেক টেপিং কৰি পথ নিৰ্মাণ কৰাৰ বাবে ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ। ঠিকাদাৰী পক্ষক ৰাইজে বাৰম্বাৰ কৈ থকাৰ পিছটো গুৰুত্ব নিদিয়াত সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছে ৰাইজে। অন্যহাতে পথটো নিৰ্মাণৰ লগত জড়িত সকলক এই বিষয়ে সোধাত পোনচাটেই অস্বীকাৰ কৰি সংবাদ মাধ্যমৰ লগতহে তৰ্কত লিপ্ত হোৱাৰ অভিযোগ উঠিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ