ৰহাত গছপৰা বসুন্ধৰীৰ বৰপানী নদীৰ পাৰঘাটৰ অঘটন
ৰহাত গছপৰা বসুন্ধৰীৰ বৰপানী নদীৰ পাৰঘাটৰ অঘটন৷
ৰহাত গছপৰা বসুন্ধৰীৰ বৰপানী নদীৰ পাৰঘাটৰ অঘটন


নগাঁও, ১৪ জুন (হি.স.) : নগাঁও জিলাৰ ৰহাত বৰপানী নদীৰ পানীত পৰি এজন লোক নিখোজ হয়। যোৱা কালি শনিবাৰে বিয়লি গছপৰা বসুন্ধৰীৰ বৰপানী নদীৰ পাৰঘাটত এই অঘটন সংঘটিত হয় ৷ নাৱৰ পৰা পৰি সন্ধানহীন হৈ পৰে এজন লোক ৷ লোকজন গছপৰা কাকতিগাঁৱৰ হৰমনি নাথ বুলি পৰিচয় পোৱা গৈছে ৷

জানিব পৰামতে, পত্নীৰ সৈতে নাৱেৰে চিওগুৰি বজাৰলৈ বজাৰ কৰিবলৈ নদী পাৰ হৈ গৈছিল হৰমনি নাথ ৷ স্থানীয় ৰাইজে জানিব দিয়া মতে, বজাৰ কৰি নাৱেৰে পুনৰ উভতি অহাৰ সময়তে নাৱৰ পৰা নদীত পৰি যায় হৰমনি নাথ । বৰ্তমানলৈ নাই হৰমনি নাথৰ কোনো সন্ধান। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অবৈধভাৱে একাংশই চলাই আছিল বসুন্ধৰী ঘাটৰ এই পাৰঘাটটো।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande