কাজিৰঙাত মাটি গাহৰিৰ সংৰক্ষণ ব্য়ৱস্থা আৰম্ভ
গোলাঘাট, ১৪ জুন (হি.স.)। কাজিৰঙাত মাটি গাহৰিৰ সংৰক্ষণ ব্য়ৱস্থা আৰম্ভ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ কৰা ভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ ভিতৰত অন্যতম মাটি গাহৰি ৷ কিন্তু নিশাচৰ হোৱাৰ বাবে অতি কম সংখ্যক পৰ্যটকৰহে মাটি গাহৰি প্ৰত্যক্ষ কৰাৰ সৌভাগ্য হয় ৷
কাজিৰঙাত মাটি গাহৰিৰ সংৰক্ষণ ব্য়ৱস্থা আৰম্ভ


গোলাঘাট, ১৪ জুন (হি.স.)।

কাজিৰঙাত মাটি গাহৰিৰ সংৰক্ষণ ব্য়ৱস্থা আৰম্ভ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ কৰা ভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ ভিতৰত অন্যতম মাটি গাহৰি ৷ কিন্তু নিশাচৰ হোৱাৰ বাবে অতি কম সংখ্যক পৰ্যটকৰহে মাটি গাহৰি প্ৰত্যক্ষ কৰাৰ সৌভাগ্য হয় ৷ এচিয়া মহাদেশৰ বিভিন্ন প্ৰান্তত এটা সময়ত মাটি গাহৰিৰ বিচৰণ আছিল যদিও সংৰক্ষণৰ অভাৱত ইয়াৰ সংখ্যা একেবাৰে কমি আহিল ৷ বৰ্তমান থাইলেণ্ড আৰু ভাৰততহে বিচৰণ থকা মাটি গাহৰিৰ ওপৰত শেহতীয়াকৈ কাজিৰঙাত চলোৱা গৱেষণাই কঢ়িয়াই আনিছে সুখবৰ ৷

ৰাষ্ট্ৰীয় উদ্যান খনত বাঘ গণনাৰ বাবে ব্যৱহাৰ কৰা কেমেৰা ট্ৰেপত বিভিন্ন স্থানত মাটি গাহৰিৰ উপস্থিত ধৰা পৰিছে ৷ সমীক্ষা অনুসৰি কাজিৰঙাৰ ১১০০ বৰ্গকিলোমিটাৰ এলেকাৰ নদী অংশ বাদ দি ৬০০ বৰ্গকিলোমিটাৰ ভূমি এলেকাত প্ৰায় ৫৫ টা মাটি গাহৰিৰ উপস্থিতি ধৰা পৰিছে ৷ উল্লেখযোগ্য যে পাৰিপাৰ্শ্বিক পৰিৱেশ সন্তুলন কৰি ৰখাৰ বাবে মাটি গাহৰি কাজিৰঙাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰজাতি ৷ গতিকে বিলুপ্তিৰ দিশলৈ গতি কৰা মাটি গাহৰি সংৰক্ষণৰ ওপৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ইয়াৰ ওপৰত পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande