গোৰেশ্বৰত বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ মৃত্যু
বাক্সা, ১৪ জুন (হি.স.)। গোৰেশ্বৰত বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ মৃত্যু। মৃত লোকজন গোৰেশ্বৰ থানাৰ অন্তৰ্গত হাজলপাৰা গাঁৱৰ নন্দলাল বিশ্বাস(৫৫)। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই লোক জন মৃত্যু মুখত পৰা বুলি স্থানীয় লোকে অভিযোগ কৰে। নন্দলাল বিশ্বাসে আজি
গোৰেশ্বৰত বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ মৃত্যু


বাক্সা, ১৪ জুন (হি.স.)। গোৰেশ্বৰত বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ মৃত্যু।

মৃত লোকজন গোৰেশ্বৰ থানাৰ অন্তৰ্গত হাজলপাৰা গাঁৱৰ নন্দলাল বিশ্বাস(৫৫)।

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই লোক জন মৃত্যু মুখত পৰা বুলি স্থানীয় লোকে অভিযোগ কৰে।

নন্দলাল বিশ্বাসে আজি ঘৰৰ পৰা কিছু দূৰৈত থকা নিজৰ খেতি পথাৰত কাম কৰি আছিল।

পথাৰৰ পৰা পানী খাবলৈ আলিত উঠি আহোতে বিদ্যুত বিভাগৰ তললৈ ওলমি থকা ১১হাজাৰ ভল্টৰ তাঁৰত লাগি ঠাইতে মৃত্যু মুখত পৰে।

একমাত্ৰ উপাৰ্জনকাৰী নন্দলাল বিশ্বাসৰ অকাল মৃত্যু হোৱাত পৰিয়ালটোত এতিয়া সৰগ ভাগি পৰাৰ লেখীয়া অৱস্থা হৈছে।

গোৰেশ্বৰ থানাৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

বিদ্যুতৰ খুঁটাৰ পৰা তাঁৰ ওলমি থকা সন্দৰ্ভত বিভাগটোৰ গোৰেশ্বৰ উপ সংমণ্ডলৰ কাৰ্যালয়ত জনাইছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ ফলতে গাঁওখনৰ এজন লোকক হেৰেৱাব লগা হল বুলি স্থানীয় লোকে অভিযোগ কৰি দূৰ্ভগীয়া পৰিয়ালটোক ক্ষতিপূৰণ দিবলৈ বিদ্যুৎ বিভাগক দাবী জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande