
যোৰহাট 1১৪ জুন (হি.স.)। যোৰহাটৰ ৰাজপথত অঘটন। ৰাজপথত জে বি ৰোড বাইপাছত দাউ দাউকৈ জ্বলিল খন মালবাহী চিমেণ্ট ভৰ্তি ট্ৰাক।
ট্ৰাক খন গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকা অৱস্থাত যোৰহাট জে বি ৰোড বাইপাছত জ্বলি উঠে।
ট্ৰাকখন যান্ত্ৰিক বিজুটিৰ বাবেই জ্বলি উঠা বুলি দাবী চালকৰ । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এই ঘটনাৰ তদন্ত কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু