গোৱালপাৰাৰ সাংবাদিক আবু তালেৱৰ দেহাৱসান
গোৱালপাৰা, ১৪ জুন (হি.স.)। গোৱালপাৰা জিলাৰ লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তথা সাংবাদিক আবু তালেৱৰ দেহাৱসান । তেওঁ কৱি - সাহিত্যিক -সমাজ সেৱক হিচাপে অঞ্চলটোত জনাজাত । তেওঁ লক্ষীপুৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল । গ
গোৱালপাৰাৰ সাংবাদিক আবু তালেৱৰ দেহাৱসান


গোৱালপাৰা, ১৪ জুন (হি.স.)। গোৱালপাৰা জিলাৰ লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তথা সাংবাদিক আবু তালেৱৰ দেহাৱসান । তেওঁ কৱি - সাহিত্যিক -সমাজ সেৱক হিচাপে অঞ্চলটোত জনাজাত । তেওঁ লক্ষীপুৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল । গোৱালপাৰা ছলেচ নাৰ্ছিং হোমত নিশা ১০.৩০ বজাত ইহলীলা সম্বৰণ কৰে ।

তেওঁ দীৰ্ঘদিন ধৰি দুৰাৰোগ্য় বেমাৰত আক্ৰান্ত হৈ আছিল । তেওঁৰ মৃত্যুত লক্ষীপুৰ প্ৰেছ ক্লাৱ, বগুৱান প্ৰেছ গীল্ডে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande