
তিনিচুকীয়া, ১৪ জুন (হি.স.): তিনিচুকীয়া জিলাৰ ডুমডুমাত আজি পুৱাই বিধংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ডুমডুমাৰ ডেইলি বজাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত বৰ্তমানলৈকে প্ৰায় ৬/৭ খন দোকান ইতিমধ্যেই জ্বলি ভষ্মিভুত হৈছে ।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতেই ৰাইজে তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলায়। ইয়াৰ লগতে প্ৰথমে অগ্নিনিৰ্বাপন বাহিনীৰ এখন বাহন আহি জুই নিৰ্বাপনৰ চেষ্টা কৰিছিল যদিও নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই জুই । পৰৱৰ্তী সময়ত পাঁচখনকৈ অগ্নিৰ্বাপক গাড়ীয়ে জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ বৰ্তমানেও জ্বলি আছে জুই। এই অগ্নিকাণ্ডক লৈ আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । অৱশ্য়ে কি কাৰণত জুইৰ সূত্ৰপাত হ’ল সেইয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ