
হোজাই, ১৪ জুন (হি.স.): হোজাইত বন্য হস্তীৰ সন্ত্ৰাস বিৰাজ কৰিছে । পুনৰবাৰ বন্য হস্তীৰ উপদ্ৰৱে কঁপাইছে হোজাই। যোৱা নিশাৰ অন্ধকাৰত হাতীৰ জাকে চলালে তাণ্ডৱ, ভাঙি চূৰমাৰ কৰিলে বাসগৃহ । হোজাই জিলাৰ দক্ষিণ ৰাধানগৰত নিশা বন্যহস্তীৰ জাকে সৃষ্টি কৰিলে তীব্ৰ সন্ত্ৰাস। সুকুমাৰ ৰায় নামৰ লোকজনৰ ঘৰ-দুৱাৰ ভাঙি তচনচ কৰে বনৰীয়া হাতীয়ে ।
কেৱল ঘৰ-দুৱাৰ ভঙাই নহয়, হাতীৰ জাকটোৱে সুকুমাৰ ৰায়ৰ ঘৰত সংৰক্ষিত কৰি থকা সকলো খাদ্য-সামগ্ৰী খাই আৰু গচকি সম্পূৰ্ণৰূপে ধ্বংস কৰে। পৰৱৰ্তী সময়চ বনবিভাগৰ কৰ্মচাৰী আহি হাতীৰ আক্ৰমণৰ খা–খৱৰ লয় ।
উল্লেখ্য় যে ৰাজ্য়ৰ ওদালগুৰি, বাক্সা, শোণিতপুৰ, তামুলপুৰ, যোৰহাট, গোলাঘাট আদি এলেকাত বনৰীয়া হাতীৰ উপদ্ৰপ অব্য়াহত আছে। হাতী মানুহৰ এই সংঘাটত বিভিন্ন সময়ত বহু সংখ্য়ক লোকে প্ৰাণ হেৰুৱাইছে। সমান্তৰালকৈ বন্য়হস্তীও মৃত্য়ুমুখত পৰিছে। মানুহ আৰু বন্য হস্তীৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ হ'ল জনসংখ্যা বৃদ্ধিৰ ফলত বনাঞ্চল ধ্বংস হোৱা, যাৰ বাবে হাতীয়ে খাদ্য আৰু বাসস্থানৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি খেতি পথাৰ আৰু ঘৰ-বাৰী ধ্বংস কৰে, যাৰ ফলত মানুহৰ জীৱনহানি হোৱাৰ লগতে হাতীৰো মৃত্যু ঘটে। এই সংঘাত ৰোধ কৰিবলৈ বনাঞ্চলৰ সুৰক্ষা, হাতীৰ খাদ্যৰ ব্যৱস্থা কৰা, আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজনীয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ