
গোলাঘাট, ১৪ জুন (হি.স.)। গোলাঘাট জিলাৰ মক্ৰং চাহ বাগিচা অঞ্চলত এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত ছাত্ৰ জনক লোণপুৰীয়া গাঁৱৰ অচিন্ত্য ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, পুৱা স্থানীয় লোকে মক্ৰং চাহ বাগিচাৰ মাজৰ এটা পকী ডাষ্টবিনত অচিন্ত্য ৰাজখোৱাৰ মৃতদেহ পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।
ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘিলাধাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে। মৃত অচিন্ত্য ৰাজখোৱা ফৰকাটিং জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল। তেওঁ লোণপুৰীয়া গাঁৱৰ বিমান ৰাজখোৱা আৰু চম্পা ৰাজখোৱাৰ একমাত্ৰ পুত্ৰ সন্তান বুলি জানিব পৰা গৈছে। ইফালে, ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত শোক আৰু উদ্বেগৰ পৰিৱেশে বিৰাজ কৰিছে। ছাত্ৰ জনৰ মৃত্যু কেনেদৰে ঘটিল, ই স্বাভাৱিক মৃত্যু, দুৰ্ঘটনা নে কোনো অপৰাধমূলক ঘটনাৰ ফল সেয়া এই মুহূৰ্তত স্পষ্ট হোৱা নাই।
আৰক্ষীয়ে সকলো দিশ সামৰি তদন্ত চলাই আছে। গোলাঘাট আৰক্ষীৰ উচ্চপদস্থ বিষয়া সকলেও ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্তৰ অগ্ৰগতি তদাৰক কৰিছে। মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে ছাত্ৰ জনৰ মৃত্যুৰ আঁৰৰ সত্য উন্মোচিত হ'ব।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু