ধুবুৰীত ৰক্তদান শিবিৰৰ আয়োজন
ধুবুৰী, ১৪ জুন (হি.স.)। আজি বিশ্ব ৰক্তদান দিৱস। ধুবুৰীত ৰক্তদান শিবিৰৰ আয়োজন কৰি ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰচেষ্টা। বিশ্ব ৰক্তদান দিৱস উপলক্ষে ধুবুৰী মাৰোৱাৰী যুৱ মন্চ, ধুবুৰী মাৰোৱাৰী যুৱ মন্চ মিড টাউন শাখাৰ উদ্যোগত আৰু ধুবুৰী মেডিকেল কলেজ আৰু
ধুবুৰীত ৰক্তদান শিবিৰৰ আয়োজন


ধুবুৰী, ১৪ জুন (হি.স.)। আজি বিশ্ব ৰক্তদান দিৱস।

ধুবুৰীত ৰক্তদান শিবিৰৰ আয়োজন কৰি ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰচেষ্টা।

বিশ্ব ৰক্তদান দিৱস উপলক্ষে ধুবুৰী মাৰোৱাৰী যুৱ মন্চ, ধুবুৰী মাৰোৱাৰী যুৱ মন্চ মিড টাউন শাখাৰ উদ্যোগত আৰু ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ সহযোগত ধুবুৰীত এটি ৰক্তদান শিবিৰৰ আয়োজন কৰি ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰচেষ্টা চলায়।

ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ ভালে কেইগৰাকী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে এই ৰক্তদান শিবিৰত অংশ গ্ৰহণ কৰি সহযোগিতা আগৱঢ়ায়।

উল্লেখ্য যে প্ৰতি বছৰৰ ১৪ জুন তাৰিখে গোটেই বিশ্বতে বিশ্ব ৰক্তদাতা দিৱস (World Blood Donor Day) উদযাপন কৰা হয়। সুৰক্ষিত ৰক্তদানৰ প্ৰয়োজনীয়তা আৰু স্বেচ্ছাসেৱী ৰক্তদাতাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়।

আজিৰ এই ৰক্তদান কাৰ্যসূচীৰ জড়িয়তে স্বেচ্ছাই আৰু বিনা বিনিময়ত ৰক্তদান কৰিবলৈ মানুহক সজাগ কৰা আৰু সকলো সময়তে যাতে সুৰক্ষিত তেজ উপলব্ধ হয় তাৰ বাবে প্ৰচাৰ চলোৱা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande