
গোলাঘাট, ১৪ জুন (হি.স.): গোলাঘাট কমাৰবন্ধা ৰেলৱেৰ এটা পৰিত্য়ক্ত কোৱাটাৰত যোৱা কালি সন্ধিয়া এটা মৃতদেহ কৰা উদ্ধাৰ হয়। ঘটনা স্খলিত কমাৰবন্ধা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু মৃত ব্যক্তি জন ডিব্ৰুগড় চাউল খোৱা হামদৈ পথাৰৰ জন মুড়া বুলি জানিব দিয়ে। মৃত ব্যক্তি জনৰ বয়স প্ৰায় ২৮ বছৰ ।
ইতিমধ্যে ঘটনাস্থলীত মৰিয়নিৰ পৰা আৰপিএফ আৰু জিআৰপিএফৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় । ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰপিএফ দলে । মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব এইয়া হত্যা নে আত্মহত্যাৰ ঘটনা ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ