শ্ৰীৰামপুৰত শ্লুইচ গেট নিৰ্মাণৰ কাম বন্ধ
প্ৰায় এটা বছৰ ধৰি বন্ধ হৈ আছে ছুইজ গেটৰ কাম।
শ্ৰীৰামপুৰত শ্লুইচ গেট নিৰ্মাণৰ কাম বন্ধ


কোকৰাঝাৰ, ১৪ জুন (হি.স.): অসম-বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰ অঞ্চলত বানপানী আৰু জলাবদ্ধতা নিয়ন্ত্ৰণৰ উদ্দেশ্যে আৰম্ভ কৰা শ্লুইচ গেট নিৰ্মাণৰ কাম প্ৰায় এটা বছৰ ধৰি সম্পূৰ্ণৰূপে বন্ধ হৈ থকাত ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে । প্ৰায় দুবছৰ পূৰ্বে বৃহৎ আশা-আকাংক্ষা লৈ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল যদিও বৰ্তমান কাম বন্ধ হৈ থকাত প্ৰকল্পটোৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিছে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বৰষুণৰ বতৰত অঞ্চলটোত প্ৰায়ে জলাবদ্ধতা আৰু খেতি পথাৰৰ ক্ষতি হয় । শ্লুইচ গেট নিৰ্মাণ সম্পূৰ্ণ হ'লে এই সমস্যাৰ কিছু পৰিমাণে সমাধান হ'ব বুলি আশা কৰা হৈছিল। কিন্তু কাম আধাতে এৰি থকাৰ ফলত কোনো সুফল লাভ কৰা হোৱা নাই।

ৰাইজে কয় যে, নিৰ্মাণস্থলীত এতিয়া কোনো কৰ্মচাৰী বা যন্ত্ৰপাতি দেখা নাযায় । কাম বন্ধ থকাৰ বাবে নিৰ্মাণ সামগ্ৰীসমূহো নষ্ট হোৱাৰ উপক্ৰম হৈছে । বিষয়টোত সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰৰ ভূমিকা লৈও বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে । স্থানীয় সচেতন মহল আৰু ৰাইজে চৰকাৰ তথা সংশ্লিষ্ট বিভাগক অতি শীঘ্ৰে কাম পুনৰ আৰম্ভ কৰি শ্লুইচ গেট নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবী জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande