যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত ৪২ৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা শীৰ্ষক গ্ৰন্থ উন্মোচন
যোৰহাট, ১৪ জুন (হি.স.)। যোৰহাটত ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱাৰ জীৱন আৰু কৃতি সম্বলিত ৪২ৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা শীৰ্ষক গ্ৰন্থ উন্মোচন।উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী মুক্তিযোদ্ধা স্বাধীন চাৰিগাঁও
যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত ৪২ৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা শীৰ্ষক গ্ৰন্থ উন্মোচন


যোৰহাট, ১৪ জুন (হি.স.)। যোৰহাটত ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱাৰ জীৱন আৰু কৃতি সম্বলিত ৪২ৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা শীৰ্ষক গ্ৰন্থ উন্মোচন।উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী মুক্তিযোদ্ধা স্বাধীন চাৰিগাঁও ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰূপে খ্যাত লক্ষেশ্বৰ বৰুৱাৰ জীৱন আৰু কৃতি সম্বলিত ৪২ৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা শীৰ্ষক গ্ৰন্থ আজি যোৰহাট মুক্তি যুঁজাৰু ভৱনত অনুষ্ঠিত এক সভাত উন্মোচন কৰা হয়।

গ্ৰন্থ খন উন্মোচন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড°দীপজ্যোতি ৰাজখোৱাই। আনহাতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৰাষ্ট্ৰপতি গৰাকীৰ কৰ্মৰাজী সন্দৰ্ভত ভাষণ আগবঢ়ায়। গ্ৰন্থ খনৰ সম্পাদক হেমেন শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত আৰম্ভণীতেই ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজলন কৰে আমন্ত্ৰিত অতিথি সকলে।

অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী, বাহনা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা লেখক ড° চেনীৰাম দত্ত, অসম মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° প্ৰশান্ত পূজাৰী,যোৰহাট মুক্তিযুঁজাৰু ভৱনৰ কাৰ্যকৰী সভাপতি গিৰীশ বৰদলৈ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande