
চিৰাঙ, ১৪ জুন (হি.স.)। চিৰাঙৰ বিজনীত মাতৃ-কন্যাৰ ৰহস্য জনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি।
আজি পুৱা বিজনী কালিবাৰীত মাতৃ জুমা মণ্ডল(২২) আৰু দুই বছৰীয়া কন্যাৰ শোৱাপাটীত মৃত অৱস্থাত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় উক্ত চাঞ্চল্যকৰ পৰিস্থিতিৰ।
আৰক্ষীৰ সুত্ৰে জানিব পৰা অনুসৰি স্বামী স্বপন মণ্ডল আৰু পত্নীৰ মাজত প্ৰায়েই কাজিয়াৰ সূত্ৰপাত হয়। শনিবাৰে সন্ধিয়াৰ ভাগতো পতি-পত্নীৰ মাজত কাজিয়া হয় যদিও স্বাভাৱিক ভাৱেই সকলোৱে শুই পৰে বুলি জানিব পৰা গৈছে। কিন্তু পুৱাৰ ভাগত পত্নী আৰু কন্যা দুয়োকে শোৱাপাটীত মৃত অৱস্থাত উদ্ধাৰ হোৱাত ৰহস্যময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
পৰৱৰ্তী স্বামী স্বপন মণ্ডলে দুয়োকে বিজনী মহকুমা অসামৰিক চিকিৎসালয়ত লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইফালে এই ৰহস্যজনক মৃত্যুৰ ঘটনা সংক্ৰান্তত বিজনীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে।
উল্লেখ্য যে চাৰিবছৰ পূৰ্বে স্বপন আৰু জুমা মণ্ডলৰ মাজত প্ৰেম বিবাহ হৈছিল । জানিব পৰা মতে ঘটনাৰ আগলৈকে স্বামী স্বপন মণ্ডলৰ স্বগৃহ পশ্চিমবংগৰ মালদাৰ পৰা তিনিদিন আগত বিজনীলৈ আহাৰ পাছতে এই ঘটনা সংঘটিত হয়। কিন্তু কি কাৰণত শোৱাপাটীতে মাতৃ-কন্যাৰ মৃত্যু হ'ল আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব।
জানিব পৰা অনুসৰি কিছু সময় পাছতেই ফৰেনছিকৰ দল ঘটনাস্থলীত উপস্থিত হ'ব।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু