বাক্সাৰ খাৰিজা বিজনীৰ ভিন্ন প্ৰান্তত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত গঞা ৰাইজ
বাক্সা, ১৪ জুন (হি.স.)। ৰাজ্যৰ ভিন্ন প্ৰান্তত ফ্লপ হৈছে জল জীৱন মিছন আঁচনি ৷ সমান্তৰালকৈ বাক্সাৰ খাৰিজা বিজনীৰ ভিন্ন প্ৰান্তত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত গঞা ৰাইজ। ৰাজ্যৰ ভিন্ন প্ৰান্তত একপ্ৰকাৰ ফ্লপ শ্ব''ত পৰিণত হৈছে জল জীৱন মিছন আঁচনি। ঠায়ে ঠ
বাক্সাৰ খাৰিজা বিজনীৰ ভিন্ন প্ৰান্তত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত গঞা ৰাইজ


বাক্সা, ১৪ জুন (হি.স.)। ৰাজ্যৰ ভিন্ন প্ৰান্তত ফ্লপ হৈছে জল জীৱন মিছন আঁচনি ৷ সমান্তৰালকৈ বাক্সাৰ খাৰিজা বিজনীৰ ভিন্ন প্ৰান্তত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত গঞা ৰাইজ। ৰাজ্যৰ ভিন্ন প্ৰান্তত একপ্ৰকাৰ ফ্লপ শ্ব'ত পৰিণত হৈছে জল জীৱন মিছন আঁচনি।

ঠায়ে ঠায়ে জল জীৱন মিছন আঁচনিৰ ব্যয়বহুল প্ৰকল্প গঢ়ি উঠিছে যদিও ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱাপানী। বাক্সাৰ উত্তৰ খাৰিজা বিজনী অঞ্চলতো জল জীৱন মিছন আঁচনিৰ পৰা উপকৃত হোৱা নাই জনতা ।

হাবি জংঘলেৰে ভৰি আছে জল জীৱন মিছন আঁচনিৰ এই ব্যয়বহুল প্ৰকল্পটো।

প্ৰায় ২০২১-২০২২ চনতে নিৰ্মাণ কৰি উলিওৱা এই প্ৰকল্পটোৰ পৰা ৰাইজে বিশুদ্ধ খোৱাপানী নাপাই খাবলগা হৈছে আৰ্ছেনিকযুক্ত পানী। যাৰবাবে স্থানীয় ৰাইজে প্ৰকল্পটোৰ পৰা শীঘ্ৰেই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিব লাগে বুলি বিটিচি তথা অসম চৰকাৰলৈ আহ্বান জনাইছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande