বাৰিষাৰ বানৰ সৈতে মোকাবিলা কৰিবলৈ সাঁজু গহপুৰৰ ভলুকাগুৰি নৈপৰীয়া ৰাইজ
বাৰিষাৰ বানৰ সৈতে মোকাবিলা কৰিবলৈ সাঁজু হৈছে গহপুৰৰ ভলুকাগুৰি নৈপৰীয়া ৰাইজ ।
বাৰিষাৰ বানৰ সৈতে মোকাবিলা কৰিবলৈ সাঁজু গহপুৰৰ ভলুকাগুৰি নৈপৰীয়া ৰাইজ


বিশ্বনাথ, ১৪ জুন (হি.স.): বাৰিষাৰ বানৰ সৈতে মোকাবিলা কৰিবলৈ সাঁজু হৈছে গহপুৰৰ ভলুকাগুৰি নৈপৰীয়া ৰাইজ । ১৯৪৮ চনৰ পৰাই বাৰিষাৰ সময়ছোৱাত একমাত্ৰ নাও খনেই হৈ পৰে ভলুকাগুৰি বাসীৰ যাতায়তৰ প্ৰধান আহিলা । সেয়ে এতিয়া নাওঁ বনোৱাত ব্যস্ত সকলো।

উ্ল্লেখ্য় যে এখন ডাঙৰ নাৱঁত একৰ পৰা ডেৰলাখ টকা পৰ্যন্ত খৰচ হয় । তথাপিও বাৰিষা উক্ত অঞ্চলৰ ৰাইজক নাওঁ লাগিবই । প্ৰত্যেকৰ ঘৰতেই এখনকৈ নাওঁ আছে ভলুকাগুৰি অঞ্চলত । ভলুকাগুৰি যথেষ্ট বানপীড়িত অঞ্চল । বাৰিষাৰ সময়ত নাৱঁখনেই তেওঁলোকৰ একমাত্ৰ ভৰসাৰ থলী হৈ আছে । সেয়ে এতিয়া সকলো নাওঁ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande