বৰপেটাৰোডত ৰেলৰ খুন্দাত এজনৰ মৃত্যু
বৰপেটা, ১৪ জুন (হি.স.)। বৰপেটাৰোডত ৰেলৰ খুন্দাত এজনৰ মৃত্যু | নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত এজন লোক নিহত | নিহত লোকজন বৰপেটাৰোডৰ বেলতলা নিৱাসী জীৱন চন্দ্ৰ ধৰ (৭০)| বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হয় এই শোকাৱহ ৰেল দুৰ্ঘটনা । পেশাত গ
বৰপেটাৰোডত ৰেলৰ খুন্দাত এজনৰ মৃত্যু


বৰপেটা, ১৪ জুন (হি.স.)। বৰপেটাৰোডত ৰেলৰ খুন্দাত এজনৰ মৃত্যু |

নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত এজন লোক নিহত |

নিহত লোকজন বৰপেটাৰোডৰ বেলতলা নিৱাসী জীৱন চন্দ্ৰ ধৰ (৭০)|

বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হয় এই শোকাৱহ ৰেল দুৰ্ঘটনা ।

পেশাত গেলামাল ব্যৱসায়ী জীৱন চন্দ্ৰ ধৰ নামৰ লোকজনে দোকানৰ সামগ্ৰী ক্ৰয়ৰ বাবে বৰপেটাৰোড বজাৰলৈ আহি আছিল |

লোকজনে ৰেল লাইন পাৰ হবলৈ লোৱাৰ সময়তে ৰেলখনে লোকজনক খুন্দা মাৰে |

ফলত লোকজনৰ থিতাতে মৃত্যু হয় |

এই ঘটনাটোৰ পিছতে বৰপেটাৰোডত শোকৰ ছাঁ পৰিছে।

ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ৰেলৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande