বৰপেটাৰ ভেল্লাত অগ্নিকাণ্ড
বৰপেটা, ১৪ জুন (হি.স.)। বৰপেটাৰ ভেল্লাত অগ্নিকাণ্ড | ভেল্লা বজাৰৰ এখন হাঁহ কুকুৰাৰ মাংস বিক্ৰী কৰা দোকানত অগ্নিকাণ্ডৰ ঘটনা | হাঁহ কুকুৰা পুৰিবলৈ ব্যৱহাৰ কৰা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত অগ্নিকাণ্ডৰ ফলত দোকানীসহ দুজন অগ্নিদগ্ধ |
বৰপেটাৰ ভেল্লাত অগ্নিকাণ্ড


বৰপেটা, ১৪ জুন (হি.স.)। বৰপেটাৰ ভেল্লাত অগ্নিকাণ্ড |

ভেল্লা বজাৰৰ এখন হাঁহ কুকুৰাৰ মাংস বিক্ৰী কৰা দোকানত অগ্নিকাণ্ডৰ ঘটনা | হাঁহ কুকুৰা পুৰিবলৈ ব্যৱহাৰ কৰা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত অগ্নিকাণ্ডৰ ফলত দোকানীসহ দুজন অগ্নিদগ্ধ |

গুৰুতৰভাৱে আহত হাঁহ কুকুৰা মাংসৰ দোকানী বাবুল আলী আৰু সহযোগী ফচিয়ৰ আলী |

আনহাতে হাঁহ কুকুৰাৰ মাংসৰ দোকানখনৰ কাষৰ আন কেবাখনো দোকানলৈ জুই সম্প্ৰসাৰিত হোৱাৰ ফলত ভেল্লা বজাৰৰ কেবাখনো দোকান ভস্মীভূত।

অবশ্যে স্থানীয় লোকৰ লগতে বৰপেটাৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় |

ইপিনে আহত ব্যৱসায়ী দুয়োজনকে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande