
বাক্সা, ১৪ জুন (হি.স.)। গোৰেশ্বৰত অনুষ্ঠিত হ'ব বাথৌ মহাসভাৰ বাৰ্ষিক অধিৱেশন।
তামুলপুৰ জিলাৰ গোৰেশ্বৰত অনুষ্ঠিত হ'ব সদৌ বাথৌ মহাসভাৰ ১৪ সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন।
২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব অধিৱেশনখনি।
এই উপলক্ষে আজি গোৰেশ্বৰ আঞ্চলিক বাথৌ থানচালিত অনুষ্ঠিত অভ্যৰ্থনা সমিতিৰ এখন সভা।সভাত স্থানীয় বিধায়ক ভিক্টৰ কুমাৰ দাস কাৰ্যকৰী সভষপতি বিনোদ নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক ধনঞ্জয় বসুমতাৰীয়ে অংশ গ্ৰহণ কৰি অভ্যৰ্থনা সমিতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে।
বাথৌ মহাসভাৰ অধিৱেশনত বিভিন্ন ৰাজ্যৰ লগতে চুবুৰীয়া বাংলাদেশৰ প্ৰতিনিধিয়েও অংশ গ্ৰহণ কৰিব বুলি বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু