
কামৰূপ, ১৪ জুন (হি.স.): এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি যোৱা কালি শনিবাৰে বিয়লি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় হাজোৰ আধিয়াৰপাৰাত। তীব্ৰ বেগী স্কৰপিঅ’ বাহনে দুৰ্ঘটনা সংঘটিত কৰি কৰিছিল পলায়ন । নলবাৰী মুকালমুৱাৰ লোহাৰকাঠাত দুৰ্ঘটনা সংঘটিত কৰিছিল বাহনখনে । তীব্ৰ বেগী স্কৰপিঅ বাহন খনে মহতিয়াই নিছিল বাইক আৰোহীক । ফলত ঘটনাস্থলীতে মৃত্যু হৈছিল বাইক আৰোহী কৃষ্ণ বড়োৰ ।
দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰোতেই হাজোৰ আধিয়াৰপাৰাত খেদি খেদি আবদ্ধ কৰে বাহনখন । ইয়াৰ পিছত সৃষ্টি হৈছিল উত্তেজনাময় পৰিস্থিতিৰ । আধিয়াৰপাৰত এঘৰ মানুহৰ ঘৰত আশ্ৰয় লৈছিল দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ চালক সহ আন এজন।বাহন এৰি পলায়ন কৰে আন তিনিজন লোকৰ । ইফালে উত্তেজিত জনতাই ঘৰৰ পৰা উলিয়াই আনিলে চালক সহ আনজন ব্যক্তিক ।যান বাহন আৰক্ষীৰ সন্মুখত ৰাইজে সোধালে উত্তম মাধ্যম । অৱশেষত হাজো আৰক্ষীয়ে উত্তেজিত জনতাৰ ৰোষৰ পৰা উদ্ধাৰ কৰে দুৰ্ঘটনা সংঘটিত কৰা চালক সহ আন জন ব্যক্তিক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ